
নিউজ ডেস্কঃ ভাৰত-চীন সীমান্তত গৈ ৰাহুল গান্ধীক ভাৰত জোড়ো যাত্ৰা কৰিবলৈ আহ্বান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত ভাৰত-চীন সংঘৰ্ষক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ।
কথাৰ মাজতে পুনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক টানি আনিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ৰাহুল গান্ধীক ৰাষ্ট্ৰদ্ৰোহী বুলিও পাকে প্ৰকাৰন্তৰে অভিহিত কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ৰাহুল গান্ধীয়ে ‘ভাৰতত প্ৰৱেশ কৰা চীনা সৈন্যই ভাৰতীয় সেনাক পিতিছে’ বুলি মন্তব্য কৰি ৰাষ্ট্ৰদ্ৰোহীৰ দৰে কথা কৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ।
ভাৰতৰ এক ইঞ্চিও মাটি চীনে দখল কৰিব পৰা নাই বুলি দাবী হিমন্ত বিশ্ব শৰ্মাৰ।
ৰাহুল গান্ধীয়ে নিজে সীমান্তলৈ গৈ ভাৰত জোড়ো যাত্ৰা কৰক বুলি মন্তব্য কৰে তেওঁ।
আনহাতে সেনাক লৈ ৰাজনীতি কৰিব নালাগে বুলিও মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ।
তেওঁ কয় যে এনে ৰাজনীতিয়ে সেনাৰ মনোবল হ্ৰাস কৰে।
একালত ৰাহুল গান্ধীৰ বন্দনা কৰা ভাগৰি নপৰা এতিয়াৰ বিজেপি মুখ্যমন্ত্ৰীগৰাকীয়ে পিছে পাহৰি গ’ল প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সেনাৰ নামত ভোট বিচৰাৰ কথা।