প্ৰেৰণাদায়ক! ৮ মাহত ৪৬ কেজি ওজন হ্ৰাস কৰি বিশেষভাৱে সন্মানিত হ’ল মেদবহুলতাৰ স্বীকাৰ এগৰাকী আৰক্ষী বিষয়া…

নিউজ ডেস্কঃ শৰীৰৰ মেদবহুলতা সকলোৰে বাবে এক সমস্যা। বাঢ়ি অহা চৰ্বিৰ লগে লগে দেহত খোপনি পোতা বিভিন্ন ৰোগে সৃষ্টি কৰে অনেক সমস্যাৰ।

তাতে যদি আৰক্ষী বিষয়া হয়, তেন্তে শৰীৰৰ মেদবহুলতা এক প্ৰত্যাহ্বান হৈ পৰে তেওঁলোকৰ বাবে। তাৰ উপৰিও শুনিবলগীয়া হয় আনৰ ইতিকিংসূচক কথা।

এনে কাৰণতে কঠোৰ পৰিশ্ৰমেৰে ৮ মাহত ৪৬ কেজি ওজন হ্ৰাস কৰি আজি দেশজুৰি চৰ্চিত হৈ পৰিছে এগৰাকী আৰক্ষী বিষয়া।

image 175
প্ৰেৰণাদায়ক! ৮ মাহত ৪৬ কেজি ওজন হ্ৰাস কৰি বিশেষভাৱে সন্মানিত হ’ল মেদবহুলতাৰ স্বীকাৰ এগৰাকী আৰক্ষী বিষয়া… 4

শৰীৰৰ ওজন হ্ৰাস কৰি এতিয়া পুৰস্কৃতও হৈছে আৰক্ষী বিষয়াগৰাকী।

তেওঁৰ নাম জিতেন্দ্ৰ মণি। দিল্লী আৰক্ষীৰ উপ আয়ুক্ত জিতেন্দ্ৰ মণি এসময়ত স্বীকাৰ হৈছিল মেদ বহুলতাৰ। দেহৰ ওজন হৈছিলগৈ ১৩০ কেজি।

শৰীৰত চৰ্বি জমা হোৱাৰ লগে লগে উচ্চ ৰক্তচাপ, বহুমূত্ৰ, কলেষ্টেৰল আদি অনেক ৰোগত আক্ৰান্ত হৈছিল আৰক্ষী বিষয়াগৰাকী। তদুপৰি শুনিবলগীয়া হৈছিল আনৰ ঠাট্টা-মস্কৰা।

image 176
প্ৰেৰণাদায়ক! ৮ মাহত ৪৬ কেজি ওজন হ্ৰাস কৰি বিশেষভাৱে সন্মানিত হ’ল মেদবহুলতাৰ স্বীকাৰ এগৰাকী আৰক্ষী বিষয়া… 5

এনে পৰিস্থিতিত আৰক্ষী বিষয়াগৰাকীয়ে শৰীৰৰ ওজন হ্ৰাস কৰাৰ সংকল্প গ্ৰহণ কৰি নিজৰ জীৱন শৈলী সলনি কৰে।

প্ৰতিদিনে শাৰীৰিক ব্যায়াম আৰু খোজ কাঢ়িবলৈ আৰম্ভ কৰে আৰক্ষী বিষয়াগৰাকীয়ে।

অৱশেষত আৰক্ষী বিষয়া জিতেন্দ্ৰ মণিৰ পৰিশ্ৰমে ফল দিলে। ৮ মাহত তেওঁ হ্ৰাস কৰিবলৈ সক্ষম হয় ৪৬ কেজি ওজন।

image 177
প্ৰেৰণাদায়ক! ৮ মাহত ৪৬ কেজি ওজন হ্ৰাস কৰি বিশেষভাৱে সন্মানিত হ’ল মেদবহুলতাৰ স্বীকাৰ এগৰাকী আৰক্ষী বিষয়া… 6

এটা সংবাদ মাধ্যমৰ আগত দিয়া সাক্ষাৎকাৰত জিতেন্দ্ৰই কয়, “আৰম্ভণিতে মই এটা টাৰ্গেট ঠিক কৰিছিলোঁ। প্ৰতিমাহে ৫ লাখ ৫০ হাজাৰ খোজ খোজ কাঢ়িম। যোৱা আঠ মাহত ৩২ লাখ খোজ খোজ কাঢ়িছো।”

শৰীৰৰ ওজন হ্ৰাস কৰাৰ বাবে এতিয়া প্ৰশংসা লাভ কৰিছে শীৰ্ষ বিষয়াসকলৰ পৰাও।

কিছুদিন পূৰ্বে ৯০ হাজাৰ আৰক্ষী জোৱানৰ উপস্থিতিত এখন সভাত জিতেন্দ্ৰ মণিক দিল্লী আৰক্ষী আয়ুক্তই বিশেষ প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনায়।