ভাল খবৰ! সংখ্যালঘু মুছলমান শিক্ষাৰ্থীয়ে লাভ কৰিব ১০ হাজাৰকৈ টকা…

সংখ্যালঘু মুছলমান শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ।

শিক্ষাৰ বাবে দুখীয়া শিক্ষাৰ্থীয়ে লাভ কৰিব ১০ হাজাৰ টকাৰ স্ক’লাৰশ্বিপ।

দৰিদ্ৰ শিক্ষাৰ্থীক এই ধন দিয়াৰ লক্ষ্য মুছলিম এছ’ছিয়েচনৰ।

এই ধন লাভ কৰিবৰ বাবে ১০ ছেপ্তেম্বৰৰ ভিতৰত কৰিব লাগিব আবেদন।

এছ’ছিয়েচনে নিৰ্বাচিত ৩০০ শিক্ষাৰ্থীক দিব এই ছাত্ৰ বৃত্তি।

এই ছাত্ৰ বৃত্তিৰ যোগ্য হ’বলৈ শিক্ষাৰ্থীসকল হ’ব লাগিব দ্বাদশ শ্ৰেণী উত্তীৰ্ণ।

মেডিকেল, আইন, সাংবাদিক, অভিযন্তাৰ শিক্ষাৰ্থীসকলক দিয়া হ’ব অগ্ৰাধিকাৰ।

আবেদনৰ বাবে শিক্ষাৰ্থীসকলক প্ৰয়োজন হ’ব দশম-দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ মাৰ্কশ্বীট।

লগতে শিক্ষাৰ্থীসকলে scholarship@indiazakat.comত ফটো আৰু পৰিচয় পত্ৰৰ সবিশেষ তথ্য মেইল কৰিব লাগিব।

শিক্ষাৰ্থীসকলে www.indiazakat.com ৱেবচাইটত অবেদন কৰিব পাৰিব।

Leave a Comment