ভাল খবৰ! বেডমিণ্টনৰ ছিংগলছত ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ পি ভি সিন্ধুৰ…

অলিম্পিকৰ পৰা আহিছে আন এক ভাল খবৰ।

বেডমিণ্টনৰ ছিংগলছত ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ পি ভি সিন্ধুৰ।

কোৱাৰ্টাৰ ফাইনেলত সিন্ধুৱে পৰাস্ত কৰিলে জাপানৰ আকানে য়ামাগুচিক।

৫৬ মিনিট ধৰি চলা পোনপটীয়া ছেটত সিন্ধুৱে ২১-১৩,২২-২০ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় জাপানৰ প্ৰতিদ্বন্দ্বী গৰাকীক।

ইয়াৰ লগে লগে আন এটা পদকৰ দিশে অগ্ৰসৰ হৈছে ভাৰত।

উল্লেখ্য যে ২০১৬ লণ্ডন অলিম্পিকত পি ভি সিন্ধুৱে ৰূপৰ পদক অৰ্জন কৰি দেশবাসীক গৌৰৱান্বিত কৰিছিল।

Leave a Comment