নিউজ ডেস্কঃ পথৰ ওপৰতে বাহনৰ ওপৰত আক্ৰমণ বন্যহস্তীৰ জাকৰ।
বন্যহস্তীৰ আক্ৰমণত মৃত্যু শিশুসহ ৩ জনৰ।
এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ লক্ষীপুৰত।
গোৱালপাৰাৰ লক্ষীপুৰ-আগিয়া সংযোগী পথৰ শিগিৰী শালপাৰাত সংঘটিত হয় এই ঘটনা।
পাহাৰাৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বন্যহস্তীৰ জাকে আক্ৰমণ কৰিলে পথেৰে যাত্ৰা কৰি থকা বাহনৰ ওপৰত।
দুখনকৈ বাহনৰ ওপৰত আক্ৰমণ চলায় বন্যহস্তীৰ জাকে।
এখন ই-ৰিক্সা আৰু এখন চাৰিচকীয়া বাহনৰ ক্ষতিসাধন কৰে হাতীৰ জাকটোৱে।
হাতীৰ এই আকস্মিক আক্ৰমণত মৃত্যু ৩ জনকৈ লোকৰ।
নিহত সকলৰ ভিতৰত আছে এটি শিশুও।
ইফালে হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে আন কেইবাজনো লোকো।
বন্যহস্তীৰি আক্ৰমণৰ এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।