নিউজ ডেস্কঃ ৰে’লপথত ৰৈ ৰীল ভিডিঅ’ বনাই থাকোতেই তীব্ৰবেগী ৰে’লৰ খুন্দাত প্ৰাণ গ’ল ২ যুৱক আৰু এগৰাকী যুৱতীৰ।
এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত।
জানিব পৰা মতে, গাজিয়াবাদৰ মাছুৰি থানা এলেকাৰ কল্লু গড়ী ৰে’লৱে গেটৰ সমীপত ২ যুৱক আৰু যুৱতীগৰাকীয়ে ৰীল ভিডিঅ’ বনাই থকাৰ সময়তে তীব্ৰবেগী পদ্মাৱত এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ঘটে তিনিওজনৰ।
গাজিয়াবাদৰ পৰা মুৰাদাবাদ অভিমুখে গৈ থকা ৰে’লখনৰ লোকো পাইলটে জানিবলৈ দিয়া মতে, তিনিওজনে ৰে’লপথৰ ওপৰত টৰ্চ জ্বলাই ৰীল ভিডিঅ’ বনাই আছিল।
লোকো পাইলটে যুৱক-যুৱতী কেইজনক দেখি কেইবাবাৰো হৰ্ণ বজাই সতৰ্ক কৰি দিয়াৰ চেষ্টা কৰিছিল যদিও ৰে’ল অহালৈ কোনো ভ্ৰূক্ষেপ নাছিল তেওঁলোকৰ।
যাৰ বাবে তীব্ৰবেগী ৰে’লখনে তিনিওকে মহতিয়াই লৈ যায়।
বুধবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এই ঘটনা।
ইফালে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত মৃতদেহ কেইটা উদ্ধাৰ কৰে।
নিহত এজন যুৱকক মাছুৰীৰ খাছা অঞ্চলৰ নিৱাসী এজন টেক্সি চালকৰ পুত্ৰ ছাকিল বুলি চিনাক্ত কৰা হৈছে।
কিন্তু আনজন যুৱক আৰু যুৱতীৰ পৰিচয় এতিয়াও জানিব পৰা নাই আৰক্ষীয়ে।









