মৰ্মান্তিক! পথাৰত পানী দিবলৈ নদীত পাম্প ফিট কৰি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু পিতা-পুত্ৰসহ ৪ জনৰ…

নিউজ ডেস্কঃ খেতি পথাৰত পানী দিবলৈ নদীত জলসিঞ্চন পাম্প লগাই থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে পিতা-পুত্ৰকে ধৰি ৪ জনকৈ লোকে।

বৃহস্পতিবাৰে বিয়লি এই শোকাবহ ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ পুনে জিলাৰ ভোৰ তালুকত।

জানিব পৰা মতে, ভোৰ তালুকৰ নিগাড়ে গাঁৱত কেইজনমান ব্যক্তিয়ে বৃহস্পতিবাৰে পথাৰত পানী দিবলৈ গুঞ্জাৱনী নদীত পানীৰ পাম্প ফিট কৰি আছিল।

সেই সময়তে কোনো কাৰণত বিদ্যুৎস্পৃষ্ট হোৱাত পিতা-পুত্ৰকে ধৰি ৪ জন লোকে প্ৰাণ হেৰুৱায়।

নিহত সকলক বিত্তল মালুছাৰে (৪৫), তেওঁৰ পুত্ৰ ছানী মালুছাৰে (২৬), তেওঁলোকৰ আত্মীয় আমোল মালুছাৰে (৩৬) আৰু আনন্দ যাদৱ বুলি চিনাক্ত কৰা হৈছে।

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ নিহত সকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ইফালে আৰক্ষী আৰু মহাৰাষ্ট্ৰ ষ্টেট ইলেক্টিচিটি ডিষ্ট্ৰবিউশ্যন কোম্পানীয়ে এই ঘটনাৰ পৃথকে পৃথকে তদন্ত আৰম্ভ কৰিছে।