NATIONAL

ব্ৰাহ্মণক লৈ বিৰূপ মন্তব্য কৰা পিতৃক গ্ৰেপ্তাৰ কৰোৱাই জেললৈ পঠালে এইগৰাকী মুখ্যমন্ত্ৰীয়ে…

স্বয়ং মুখ্যমন্ত্ৰীৰ পিতৃক এইবাৰ প্ৰেৰণ কৰা হ’ল জেললৈ।

আচহুৱা যেন লাগিলেও শেহতীয়াকৈ ছত্তীশগড়ত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ পিতৃক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰা হৈছে জেললৈ।

ব্ৰাহ্মণ সকলৰ বিৰুদ্ধে অপমানসূচক মন্তব্য প্ৰকাশ কৰি বিপদত পৰিছে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ পিতৃ।

ছত্তীশগড় আৰক্ষীয়ে মঙলবাৰে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ ৮৬ বছৰীয়া পিতৃ নন্দ কুমাৰ বাঘেলক ব্ৰাহ্মণৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ পিতৃ নন্দকুমাৰ বাঘেলে ব্ৰাহ্মণ সম্প্ৰদায়ক লৈ কৰিছিল বিৰ্তকিত মন্তব্য।

এই বিৰ্তকিত মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে উত্তৰ প্ৰদেশৰ সৰ্ব ব্ৰাহ্মণ সমাজ নামৰ এক সংগঠনে। মূলতঃ উত্তৰ প্ৰদেশৰ ব্ৰাহ্মণসকলৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বাবেই গোচৰ ৰুজু কৰে সংগঠনটোৱে।

গোচৰত কৰা অভিযোগ অনুসৰি, নন্দ কুমাৰ বাঘেলে অলপতে ব্ৰাহ্মণসকলক বিদেশী বুলি বৰ্ণনা কৰিছিল। তেওঁ ব্ৰাহ্মণসকলক বৰ্জনৰ বাবে আবেদন কৰিছিল আৰু তেওঁলোকক গাঁৱত প্ৰৱেশ কৰিবলৈ নিদিবলৈ আহ্বান জনাইছিল। গোচৰত এইটোও উল্লেখ কৰা হয় যে তেওঁ পূৰ্বতে ভগৱান ৰামৰ ওপৰতো অপমানজনক মন্তব্য কৰিছিল।

উক্ত গোচৰত শেহতীয়াকৈ ৰায়পুৰৰ এখন আদালতে প্ৰদান কৰিছিল গ্ৰেপ্তাৰৰ নিৰ্দেশনা।

ইয়াৰ পাছতে পিতৃৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে।

মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে পিতৃৰ ব্ৰাহ্মণক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কোনো লোক আইনৰ উৰ্দ্ধত নহয় বুলি মত প্ৰকাশ কৰিছিল।

তেওঁ কয়- ছত্তীশগড় চৰকাৰে প্ৰতিটো ধৰ্ম, সম্প্ৰদায় আৰু তেওঁলোকৰ অনুভূতিক সন্মান কৰে। মোৰ পিতৃ নন্দ কুমাৰ বাঘেলৰ এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা মন্তব্যই সাম্প্ৰদায়িক শান্তি বিঘ্নিত কৰিছে। তেওঁৰ বক্তব্যৰ বাবে মই দুখিত।’

তেওঁ লগতে কয়, ‘আমাৰ ৰাজনৈতিক দৃষ্টিভংগী আৰু বিশ্বাস স্পষ্টভাৱে পৃথক। এজন পুত্ৰ হিচাপে মই তেওঁক সন্মান কৰো, কিন্তু মুখ্যমন্ত্ৰী হিচাপে মই তেওঁৰ ভুলৰ ক্ষমা কৰিব নোৱাৰো। যিটোৰ ৰাজহুৱা শৃংখলা বিঘ্নিত কৰাৰ সম্ভাৱনা আছে।’

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button