fbpx
অসমীয়াৰাষ্ট্ৰীয়

ব্যৱসায়ীৰ পৰা ধনদাবীৰ অভিযোগত গ্ৰেপ্তাৰ CBIৰ ৪গৰাকী বিষয়া…

নিউজ ডেস্কঃ এগৰাকী ব্যৱসায়ীক ধনদাবী আৰু ভাবুকি প্ৰদানৰ অভিযোগত নিজকে চাৰিজন উপ-পৰিদৰ্শকক গ্ৰেপ্তাৰ কৰিছে চিবিআইয়ে।

অভিযোগ অনুসৰি, চণ্ডীগড়ৰ এজন ব্যৱসায়ীৰ কাৰ্যালয়ত তালাচী চলাই ২৫ লাখ টকাৰ ধনদাবী কৰিছিল চিবিআইৰ বিষয়া কেইজনে। অন্যথা ব্যৱসায়ীজনক সন্ত্ৰাসবাদীক ধন যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ ভাবুকি প্ৰদান কৰিছিল তেওঁলোকে।

জানিব পৰা মতে, ১০ মে’ত চিবিআইৰ ৪ বিষয়াসহ মুঠ ৬জনীয়া এটা দলে অভিষেক নামৰ ব্যৱসায়ীজনৰ চণ্ডীগড়স্থিত কাৰ্যালয়ত অভিযান চলায়। এই অভিযান কালত কাৰ্যালয়কৰ কৰ্মচাৰী আৰু চিবিআইৰ বিষয়াসকলৰ মাজত বিবাদৰো সূত্ৰপাত ঘটে।

ইফালে সেই সময়তে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৰ বিষয়া কেইজনে অভিষেকৰ পৰা ২৫ লাখ টকা দাবী কৰে, অন্যথা তেওঁক সন্ত্ৰাসবাদীৰ বাবে পুঁজি যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ ভাবুকি প্ৰদান কৰে। চিবিআইৰ দলটোৱে অভিষেকক গাড়ীত উঠাই সেই স্থানৰ পৰা লৈ যোৱাৰো অভিযোগ উত্থাপন হয়।

আনহাতে কাজিয়া আৰু ব্যৱসায়ীজনৰ অপহৰণ সন্দৰ্ভত কোম্পানীৰ কৰ্মচাৰীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাত বুধবাৰে পুৱা প্ৰায় ১১ বজাত চিবিআইৰ ৪ বিষয়াক জিম্মাত লয় চেক্টৰ ২৬ আৰক্ষীয়ে।

ধৃত চিবিআইৰ বিষয়া কেইজনৰ পৰিচয় ক্ৰমে- সুমিত গুপ্তা, প্ৰদীপ ৰাণা, অংকুৰ কুমাৰ আৰু আকাশ আহলাৱত বুলি জানিব পৰা গৈছে। চিবিআইয়ে ইতিমধ্যে আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে।

Related Articles

Leave a Reply

Back to top button