অসমঅসমীয়া

দুঃসাহস! থানাৰ সন্মুখতে ড্ৰাগছ ব্যৱসায়ীয়ে ৰখাই থৈ গ’ল পিষ্টল আৰু ড্ৰাগছসহ স্কুটী…

নিউজ ডেস্কঃ ৰাজ্যত নিচাজাতীয় সামগ্ৰী আৰু অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসন যিমানেই কঠোৰ হৈছে, সিমানেই বৃদ্ধি পাইছে অপৰাধৰ প্ৰৱণতা। শেহতীয়াকৈ আৰক্ষী থানাৰ সন্মুখতে এখন স্কুটীৰ পৰা ড্ৰাগছ আৰু মৰাণাস্ত্ৰ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে, গোলাঘাট সদৰ থানাৰ সন্মুখত শুকুৰবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰে কেইবা লক্ষাধিক টকা মূল্যৰ ড্ৰাগছৰ লগতে এটা ৭.৬৫ এম এম পিষ্টল। থানাৰ সন্মুখত ৰখাই থোৱা এখন স্কুটীৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি আৰু ১৫ জাঁই সজীৱ গুলীসহ পিষ্টলটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

photo1652512822

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে স্কুটীখনৰ গৰাকী তথা সন্দেহযুক্ত ড্ৰাগছ ব্যৱসায়ী আমজাদ খানক গ্ৰেপ্তাৰ কৰাৰ লগতে সোধাপোছাৰ বাবে ৰাজেন ছিদ্দিকী নামৰ এজন লোকক আটক কৰিছে।

photo1652512831

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰখাই থোৱা স্কুটীখনৰ পৰা উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য হ’ব প্ৰায় ৩ লাখ টকা। আৰক্ষীয়ে সন্দেহ কৰা মতে পূৰ্বৰে পৰা আমজাদ ড্ৰাগছৰ বেহাৰ সৈতে জড়িত হৈ আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *