নিউজ ডেস্ক। কৰ্ণাটকৰ বাংগালুৰুত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত হয় সাতজন লোক।
নিহত সকলৰ ভিতৰত আছে তামিলনাডুৰ এজন বিধায়কৰ পুত্ৰ আৰু বোৱাৰী।
এই দুৰ্ঘটনা সংঘটিত হয় মঙলবাৰে পুৱতি নিশা।

জানিব পৰা মতে, এখন দ্ৰুতবেগী অ’ডি গাড়ীয়ে পথৰ কাষৰ বৈদ্যুতিক খুটাত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
তামিলনাডুৰ হোচুৰ ডিএমকেৰ বিধায়ক ৱাই প্ৰকাশৰ পুত্ৰ আৰু বোৱাৰী নিহত হয় দুৰ্ঘটনাত।
ঘটনাটো বেংগালুৰুৰ মঙ্গলা কল্যাণমপাটাপ্পা অঞ্চলত সংঘটিত হয়।

ঘটনাস্থলীত ছয়জন লোক আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে। আনহাতে চিকিৎসালয়লৈ নিয়াৰ পথত এজন লোকৰ মৃত্যু হয়।
দুৰ্ঘটনাটোত পতিত হোৱা অ’ডি গাড়ীখন তামিলনাডুৰ হোচুৰৰ বিধায়কৰ নামত আছে।
চাওক ঘটনাৰ চিচিটিভি ভিডিঅ’
Video of the tragic accident which killed 7 as luxury Audi car crashes in high speed in #Koramangala #Bangalore #Bengaluru pic.twitter.com/lFm0ZUC4cR
— Soumya Chatterjee (@Csoumya21) August 31, 2021
উল্লেখ্য যে দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ইয়াক প্ৰত্যক্ষ কৰিয়েই অনুমান কৰিব পাৰি। গাড়ীখনৰ বিভিন্ন অংশ ছিন্ন ভিন্ন হৈ য’ত-তত পৰিছিল।
নিহত সকলৰ নাম হৈছেঃ কৰুণা সাগৰ (৩੦), বিন্দু (২৮), ঈশিতা (২১), ডাঃ ধনুষ (২১), অজয় গােৱেল, উৎসৱ আৰু ৰােহিত।

ইয়াৰে কৰুণা সাগৰ আৰু বিন্দু (২৯) তামিলনাডুৰ হোচুৰ সমষ্টিৰ ডিএমকেৰ বিধায়ক ৱাই প্ৰকাশৰ পুত্ৰ আৰু বোৱাৰী।









