বায়ুসেনাৰ মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত, কথমপি প্ৰাণৰক্ষা পাইলটৰ

নিউজ ডেস্ক। পুনৰ দুৰ্ঘটনাত পতিত হ’ল ভাৰতীয় বায়ুসেনাৰ মিগ ২১ যুদ্ধ বিমান।

এইবাৰ ঘটনাৰ স্থান ৰাজস্থানৰ বাড়মেৰ।

জিলাখনত বায়ুসেনাৰ এখন মিগ ২১ বিমান দুৰ্ঘটনাগ্রস্ত হয় বুধবাৰে আবেলি।

জানিব পৰা মতে, অনুশীলনৰ সময়ত আকস্মিক দুৰ্ঘটনাত পতিত হয় বিমানখন। অৱশ্যে এই ঘটনাত কোনো লোকৰ হতাহতি নহয়।

প্ৰতিৰক্ষা বিভাগৰ এজন মুখপাত্ৰই জনোৱা অনুসৰি, বিমানখনে ৰুটিন অনুশীলনৰ সময়ত দুৰ্ঘটনাত পতিত হয়। বিমানখনৰ চালকজনক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়।

জিলাখনৰ আৰক্ষী অধীক্ষক আনন্দ শৰ্মাই কয়, “এই ঘটনাটো সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ভূৰ্তিয়া গাঁৱত সংঘটিত হয়। বিমান দুৰ্ঘটনাত কোনো লোকৰ হতাহতি হোৱা নাই। ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হয়।”

Leave a Comment