বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ মাতৃৰ দেহাৱসান…

বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ মাতৃৰ দেহাৱসান।

বুধবাৰে পুৱা (৮ ছেপ্টেম্বৰ) শেষ নিশ্বাস ত্যাগ কৰিছে অক্ষয়ৰ মাতৃ অৰুণা ভাটিয়াই।

কেইদিনমান পূৰ্বে তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱাত আইচিইউত ভৰ্তি কৰোৱা হৈছিল।

উল্লেখ্য যে, ৩ চেপ্তেম্বৰত মুম্বাইৰ এখন হস্পাতালত ভৰ্তি হৈছিল অক্ষয় কুমাৰৰ মাতৃ।

সেই সময়ত লণ্ডনত শ্বুটিঙত ব্যস্ত আছিল অক্ষয় কুমাৰ।মাতৃৰ অসুস্থতাৰ খবৰ পাই তেওঁ শ্বুটিং আধাতে এৰি ঘৰলৈ উভতি আহিছিল। কিন্তু অৱশেষত মৃত্যু হয় মাতৃৰ।

অক্ষয় কুমাৰে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘তেওঁ মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল। আজি মই অসহনীয় বিষত আছোঁ… মোৰ মা অৰুণা ভাটিয়াই এই পৃথিৱী এৰি গৈছে আৰু এতিয়া তেওঁ দেউতাৰ সৈতে অন্য এখন পৃথিৱীত আছে। আপোনালোক সকলোৰে প্ৰাৰ্থনাৰ প্ৰয়োজন কিয়নো আমাৰ পৰিয়ালটো এই বেয়া সময়ৰ সৈতে যুঁজ দি আছে।

Image

Leave a Comment