নিউজ ডেস্ক। বর্ষীয়ান সাংবাদিক তথা প্ৰাক্তন সাংসদ চন্দন মিত্র আৰু নাই।
বুধবাৰে নিশা দিল্লীৰ নিজা গৃহত মৃত্যু হয় প্ৰাক্তন সাংসদজনৰ।
দুবছৰতকৈ অধিক কাল তেওঁ হৈ আছিল অসুস্থ। তেওঁৰ মৃত্যুৰ কথা প্ৰথমেই টুইটাৰত ঘোষণা কৰে তেওঁৰ বাল্যবন্ধু তথা বিজেপি সাংসদ স্বপন দাশগুপ্তই।
I am posting a photograph of Chandan Mitra and me together during a school trip in 1972. Be happy my dear friend wherever you are. Om Shanti pic.twitter.com/58vMvU6Wa9
— Swapan Dasgupta (@swapan55) September 2, 2021
উল্লেখ্য যে কলকাতাৰ ষ্টেটচমেন হাউজৰ সাংবাদিক হিচাপে যাত্ৰা আৰম্ভ কৰিছিল চন্দন মিত্ৰই। কিছুদিনৰ বাবে হংসৰাজ কলেজত তেওঁ অধ্যাপনাও কৰিছিল।
‘টাইমছ অফ ইণ্ডিয়া’, ‘দ্য চানডে অবজাৰভাৰ’ আদি সংবাদ মাধ্যমৰো গুৰু দায়িত্ব পালন কৰিছিল তেওঁ।
ইয়াৰোপৰি বিজেপিৰ টিকট লাভ কোটি তেওঁ দুবাৰকৈ সাংসদ নিৰ্বাচিত হৈছিল। ২০০৩ চনত তেওঁ প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ২০১০ ত তেওঁ মধ্য প্ৰদেশৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
২০১৮ চনত তেওঁ তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। ‘পায়নিয়েৰ’ নামৰ এখন কাকতৰো তেওঁ দীৰ্ঘদিন ধৰি সম্পাদকৰ দায়িত্ব পালন কৰিছিল। চলিত বছৰৰ জুন মাহত তেওঁ সেই কাকতৰ পৰা অব্যাহতি লৈছিল।
চন্দন মিত্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
Shri Chandan Mitra Ji will be remembered for his intellect and insights. He distinguished himself in the world of media as well as politics. Anguished by his demise. Condolences to his family and admirers. Om Shanti.
— Narendra Modi (@narendramodi) September 2, 2021
টুইটাৰত তেওঁ লিখে, “চন্দন মিত্ৰ তেওঁৰ বুদ্ধিমত্তা আৰু দূৰদৰ্শীতাৰ বাবে সদায় স্মৰণীয় হৈ থাকিব। সাংবাদিকতা আৰু ৰাজনীতি দুয়োখন জগততে তেওঁ মান্যতা লাভ কৰিছিল। তেওঁৰ মৃত্যুত দুঃখিত। তেওঁৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো।”
Saddened by the demise of Shri Chandan Mitra.
— Mamata Banerjee (@MamataOfficial) September 2, 2021
He will be remembered for his contribution to the world of journalism and politics. Heartfelt condolences to his family and loved ones.
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও চন্দন মিত্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰে।









