ফেন্সি উদযাপনৰ বাহিৰে আন একো কৰা নাই ৰিয়ান পৰাগেঃ ডেল ষ্টেইন…

ৰিয়ান পৰাগক চোঁকা সমালোচনা দক্ষিণ আফ্ৰিকাৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ ডেল ষ্টেইনৰ।

২০২১ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰিয়ান পৰাগৰ প্ৰদৰ্শন সম্পৰ্কত মত ব্যক্ত কৰি ডেল ষ্টেইনে কয় যে চলিত ছিজনৰ আই পি এলত ১৯ বছৰীয়া ৰিয়ানে কোনোধৰণৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হোৱা নায়।

ষ্টেইনে কৈছে যে পৰাগে দলটোৰ বাবে একো কৰিব পৰা নাছিল আৰু তেওঁক কিয় পুনৰ সুযোগ দিয়া হৈছে বুজি পোৱা নাই।

ষ্টেইনে ভাৰতৰ হৈ খেলা শিৱম দুবেৰ দৰে খেলুৱৈক সুযোগ নিদিয়াকৈ সকলো প্ৰতিযোগিতাত ৰিয়ান পৰাগক সুযোগ দিয়াৰ দলটোৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।

কিছুমান আকৰ্ষণীয় উদযাপনৰ বাহিৰে মই মনত ৰাখিবলগীয়া কোনোধৰণৰ প্ৰদৰ্শন ৰিয়ান পৰাগে কৰা নাই বুলি কয় ষ্টেইনে।

বিগত আই পি এলত মাত্ৰ ৮৬ ৰান কৰা ৰিয়ান পৰাগে চলিত আই পি এলত ৯ টা ইনিংছত মাত্ৰ ৮৪ ৰানহে সংগ্ৰহ কৰিছে।

অৰ্থাৎ চলিত আই পি এলত বেটে-ব’লে সকলোতে চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰিয়ান পৰাগ।

Leave a Comment