প্ৰধানমন্ত্ৰী মোদীৰ ৰাজ্যতে মুখ্যমন্ত্ৰীৰ পদত্যাগ, ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল গুজৰাটৰ মুখ্যমন্ত্ৰীৰ…

প্ৰধানমন্ত্ৰী মোদীৰ ৰাজ্যতে মুখ্যমন্ত্ৰীৰ পদত্যাগ।

গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পদত্যাগ।

ৰাজ্যপালৰ হাতত দাখিল কৰিলে পদত্যাগ পত্ৰ।

গুজৰাটত ২০২২ চনৰ ডিচেম্বৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।

নিৰ্বাচনৰ ১৫ মাহ পূৰ্বে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ৰূপানীয়ে।

সংবাদ মাধ্যমৰ জৰিয়তে পদত্যাগৰ কথা জানিবলৈ দি ৰূপাণীয়ে কয় যে, সময়ে সময়ে দলত দায়িত্ব সলনি হৈ থাকে।

লগতে সংবাদমেলত বিজয় ৰূপানীয়ে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে।

বিজয় ৰূপানীয়ে কয় যে, তেওঁ আগন্তুক সময়ত এগৰাকী বিজেপি কৰ্মী হিচাপেই কাম কৰি যাব।

তেওঁ কয়, ‘গুজৰাটৰ উন্নয়নৰ এই যাত্ৰা প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এক নতুন উৎসাহেৰে নতুন নেতৃত্বৰে আগবাঢ়িব লাগে বুলি লক্ষ্য ৰাখি মই পদত্যাগ কৰিছো’।

উল্লেখ্য যে, গুজৰাটৰ মুখ্যমন্ত্ৰীগৰাকীক ধৰি এই বছৰত বিজেপিৰ ৪গৰাকী মন্ত্ৰীয়ে কৰিছে পদত্যাগ।

উত্তৰাখণ্ড, কৰ্ণাটকৰ বিজেপি মুখ্যমন্ত্ৰীয়েও ইতিমধ্যে ২০২১ত কৰিছে পদত্যাগ।

Leave a Comment