ঐতিহাসিক! প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ত একেলগে শপত ল’লে ৯গৰাকী ন্যায়াধীশে…

দেশৰ সৰ্ববৃহৎ ন্যায়ালয় উচ্চতম ন্যায়ালয়ে মঙলবাৰে ৰাতিপুৱা এক নতুন ইতিহাস ৰচনা কৰে।

প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ত একেলগে শপত ল’লে ৯গৰাকী ন্যায়াধীশে।

মঙলবাৰে তিনিগৰাকী মহিলা ন্যায়াধীশকে ধৰি উচ্চতম ন্যায়ালয়ত একেলগে শপত গ্ৰহণ কৰিলে ৯গৰাকী ন্যায়াধীশে।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে দেশৰ বিভিন্ন আদালতৰ ৯গৰাকী ন্যায়াধীশৰ নাম কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছিল।

বৃহস্পতিবাৰে সেই তালিকাত ৰাষ্ট্ৰপতিয়ে চূড়ান্ত অনুমোদন জনায়।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই ৯ গৰাকী ন্যায়াধীশক শপত বাক্য পাঠ কৰোৱাই।

মঙ্গলবাৰে ৯ গৰকী ন্যায়াধীশে শপত গ্ৰহণ কৰাৰ পাছতে শীৰ্ষ ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা ২৪ গৰাকীৰ পৰা ৩৩ গৰাকীলৈ বৃদ্ধি হ’ল।  

আজি শপত গ্ৰহণ কৰা ন্যায়াধীশসকলৰ ভিতৰত আছে ৩গৰাকী মহিলা ন্যায়াধীশে।

সৰ্বোচ্চ আদলখনৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা বি ভি নাগৰত্না ২০২৭চনৰ ছেপ্টেম্বৰত দেশৰ প্ৰথমগৰাকী মহিলা হিচাপে মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱাৰ দৌৰত আছে। 

Image

ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা আন দুগৰাকী মহিলা ন্যায়াধীশ হ’ল তেলেংগানাৰ হিমা কোহলি আৰু গুজৰাটৰ বেলা এম ত্ৰিবেদী।  

সেইদৰে, আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা আন ন্যায়াধীশকেইগৰাকী হ’ল অভয় শ্ৰীনিবাস ওকা (কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল), বিক্ৰম নাথ (গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল), জিতেন্দ্ৰ কুমাৰ মহেশ্বৰী (ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল), চি টি ৰৱিকুমাৰ (কেৰেলা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল) আৰু এম এম সুন্দৰেশ (কেৰেলা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল)।

উল্লেখ্য যে, ক’ভিড সংক্ৰমণৰ বাবেই আদালত কক্ষৰ পৰিৱৰ্তে প্ৰেক্ষাগৃহত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ শপতগ্ৰহণো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ ব্যৱস্থাও কৰা হৈছে।

Leave a Comment