ৰাষ্ট্ৰীয়

পূৰ্ণগতিত চলিছে নতুন সংসদ ভৱন নিৰ্মাণৰ কাম, কাম-কাজ পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোডীৰ…

পূৰ্ণগতিত চলিছে নতুন সংসদ ভৱন নিৰ্মাণৰ কাম।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা উভতি আহিয়ে নিৰ্মীয়মান নতুন সংসদ ভৱনৰ কাম-কাজ পৰ্যবেক্ষণৰ প্ৰধানমন্ত্ৰী মোডীৰ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নিশা প্ৰায় ৮.৪৫ বজাত নিৰ্মাণকাৰ্য্য চলি থকা স্থানত উপস্থিত হৈ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে।

Image

মূৰত ছেফটী হেলমেট পিন্ধি তেওঁ ভৱন নিৰ্মাণৰ কাম-কাজৰ বুজ লয়। 

নিৰ্মাণকাৰ্যত জড়িত শ্ৰমিকসকলৰ সৈতেও বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, ৯৭১কোটি টকা ব্যয়েৰে এই নতুন সংসদ ভৱন নিৰ্মাণ কৰি থকা হৈছে।

প্ৰজেক্ট ভিষ্টাৰ অন্তৰ্গত এই নিৰ্মাণ অহা বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে।

Image

Leave a Reply

Your email address will not be published. Required fields are marked *