
বছৰৰ প্ৰথম দিনটোতে ছত্তীশগড়ৰ বিদ্ৰোহ প্ৰভাৱিত চুকমা জিলাত ৯ গৰাকী মহিলা কেডাৰসহ প্ৰায় ৪৪ জন নক্সালবাদীয়ে আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহে।
চুকমাৰ আৰক্ষী অধীক্ষক সুনীল শৰ্মাই জানিবলৈ দিয়া মতে জিলাখনৰ চিন্তলনাৰ, কিষ্টাৰাম আৰু ভেজি অঞ্চলত সক্ৰিয় হৈ থকা বেছিভাগ নিম্ন পৰ্যায়ৰ বিদ্ৰোহী কেডাৰে কাৰিগুণ্ডম গাঁৱত নতুনকৈ স্থাপন কৰা আৰক্ষী শিবিৰত নিজকে আত্মসমৰ্পণ কৰে।

ইফালে আত্মসম্পৰ্ককাৰী নক্সালবাদী কেডাৰ কেইজনৰ ভিতৰত ৪ নম্বৰ মাওবাদী প্লাটুনৰ সদস্য মাদকাম দুলাই ওপৰত ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰি থৈছিল আৰক্ষীয়ে।
আৰক্ষী অধীক্ষক শৰ্মাই সংবাদ সংস্থা পিটিআইক জনোৱা অনুসৰি, আনসকল কেডাৰ নক্সালৰ মিলিছিয়া বা মাওবাদীৰ সাংস্কৃতিক শাখা চেতনা নাট্য মাণ্ডলীৰ সদস্য আছিল।
আনহাতে, ৰাজধানী ৰায়পুৰৰ পৰা ৪০০ কিলোমিটাৰতকৈও অধিক দূৰত অৱস্থিত আৰক্ষী শিবিৰত উপস্থিত হোৱাৰ সময়ত আত্মসমৰ্পণ কৰিব বিচৰা কেডাৰ কেইজনক সংগ দিয়ে বহু সংখ্যক স্থানীয় গাঁওবাসীয়ে।

আত্মসমৰ্পণকাৰী কেডাৰসকলে কয় যে তেওঁলোক “ফোঁপোলা” মাওবাদী আদৰ্শৰ বাবে হতাশ হৈ পৰিছিল আৰু জিলা আৰক্ষীয়ে নক্সালবাদী সকলৰ বাবে ‘পুন নাৰকম’ নামেৰে আৰম্ভ কৰা পুনৰ্সংস্থাপন অভিযানৰ দ্বাৰা প্ৰভাৱিত হৈ আত্মসমৰ্পণৰ পথ বাছি লয়।
উল্লেখ্য যে, ‘পুন নাৰকম’ হৈছে এটা গণ্ডি শব্দ। যাৰ অৰ্থ হৈছে এটা নতুন প্ৰভাত।
লগতে চাওকঃ চাওক আপােনাৰ সপ্তাহটোৰ ৰাশিফল