শোকাৱহ! বছৰৰ প্ৰথম দিনটোতে গুৱাহাটী-শিলঘাট ৰেলৰ খুন্দাত মৃত্যু বন্যহস্তীৰ…

নৱবৰ্ষৰ প্রথম দিনটোৰ নিশা নগাঁৱৰ চামগুৰিত সংঘটিত হয় এক কৰুণ ঘটনা।

খাদ্যৰ সন্ধানত জনাঞ্চললৈ উলাই অহা এটা বনৰীয়া হাতীয়ে পুনৰ অকাল মৃত্যুক সাৱটি লবলগীয়া হয়।

চামগুৰিৰ ফুকনখাতৰ বৰপুলত সংঘটিত হয় অঘটনটো।

ফুকনখাতৰ বৰপুলেৰে গুৱাহাটী-শিলঘাট অভিমুখী যাত্ৰীবাহী ৰেলখন তীব্ৰ বেগেৰে পাৰ হৈ যাবলৈ চেষ্টা কৰোঁতেই মহতিয়াই নিয়ে এটা বনৰীয়া হাতীক।

3

ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ থিতাতে মৃত্যু হয় প্ৰকাণ্ড মখনা হাতীটো।

উল্লেখ্য যে বন বিভাগে বাৰম্বাৰ ৰেল কৰ্তৃপক্ষক ৰেলৰ গতিবেগ কমাবলৈ আবেদন কৰি আহিছিল যদিও ৰেল বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

আনপিনে স্থানীয় ৰাইজে ৰেল বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ তুলি ঘটনাস্থলীতে ৰেলখন কিছু সময়ৰ বাবে ৰাখি থয়।

পাছত ঘটনাস্থলীত বন বিভাগ আৰু চামগুৰি আৰক্ষী উপস্থিত হোৱাৰ পাছতেই স্থানীয় ৰাইজে এক মিনিট মৌন্ন প্ৰাৰ্থনা কৰি মৃত বন্যহস্তীটোলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Leave a Comment