
নিউজ ডেস্কঃ কেতিয়াবা বৰুষণ, কেতিয়াবা ৰ’দৰ ৰুদ্ৰমূৰ্তি। বাৰ্ধক্যই আঁচোৰা শৰীৰত ইটোৰ পিছত সিটো বেমাৰ নুগুচেই। কিন্তু তথাপিও সকলো প্ৰত্যাহ্বান নেওচি যোৱা ৯ বছৰে নিজৰ অধিকাৰ বিচাৰি চৰকাৰী কাৰ্যালয়লৈ তাঁতবাতি কাঢ়িবলগীয়া হৈছে এহাল দম্পতীয়ে।
শেহতীয়াকৈ এই বৃদ্ধ দম্পতীহালৰ নিজৰ অধিকাৰ প্ৰাপ্তিৰ যুঁজখনৰ বাতৰিয়ে যথেষ্ট চৰ্চা লাভ কৰিছে কলিয়াবৰত। আনে অবৈধভাৱে দখল কৰা নিজৰ মাটিখিনি নিজৰ নামত কৰি লোৱাৰ প্ৰচেষ্টাত ২০১৩ চনৰ পৰাই জাৰ-জহ, শাৰীৰিক অসুস্থতাক নেওচি সপ্তাহত দুবাৰ-তিনিবাৰকৈ ৰাজহ চক্ৰ কাৰ্যালয়লৈ তাঁতবাতি কাঢ়িছে দম্পতীহালে।

এই দম্পতীহাল হৈছে কলিয়াবৰৰ লখনাবন্ধাৰ জীতেন শৰ্মা আৰু তেওঁৰ পত্নী সুমিত্ৰা দেৱী। অভিযোগ অনুসৰি, এগৰাকী গাঁওবুঢ়াই জীতেন শৰ্মাক কিছু মাটি ভুৱা দলিলেৰে নিজৰ নামত কৰি লৈছিল। যাৰ বাবে ২০১৩ চনত এক গোচৰ তৰিছিল দম্পতীহালে।
বৰ্তমান উচ্চ ন্যায়ালয়ত চলি থকা এই গোচৰৰ সমান্তৰালভাৱে বিগত ৯ বছৰে জীতেন শৰ্মা আৰু পত্নী সুমিত্ৰা দেৱীয়ে অহা-যোৱা কৰিবলগীয়া হৈছে কলিয়াবৰৰ ৰাজহ চক্ৰৰ কাৰ্যালয়লৈ। যাৰ ২০ কিলোমিটাৰো অধিক পথ চাইকেল চলাই জাৰ-জহ, প্ৰখৰ ৰ’দকো নেওচি ৰাজহ চক্ৰ কাৰ্যালয়লৈ আহে দম্পতীহাল।
ইফালে সুদীৰ্ঘ ৯ বছৰৰ পিছত এতিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰা সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে জীতেন শৰ্মা আৰু সুমিত্ৰা দেৱীয়ে। জানিব পৰা মতে, জীতেন শৰ্মাৰ মাটি সংক্ৰান্তীয় গোচৰৰ তদন্ত চলি আছে। যিজন গাঁওবুঢ়াৰ বিৰুদ্ধে মাটি দখলৰ অভিযোগ উত্থাপন হৈছে, তদন্তত সেয়া সত্য প্ৰমাণিত হ’লে এজাহাৰ দাখিল কৰা হ’ব বুলিও নিশ্চিতি প্ৰদান কৰা হৈছে।