নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত পুলৱামা আক্ৰমণত জড়িত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আবু…

২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰী, দেশ কপোঁৱা কাশ্মীৰৰ পুলৱামা আক্ৰমণৰ ঘটনা।

সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণ শ্বহীদ হৈছিল চিআৰপিএফৰ ৪০ জনকৈ জোৱান।

উক্ত ঘটনাৰ সৈতে জড়িত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আবু ছৈফুল্লা নিহত হৈছে আৰক্ষীৰ গুলীত।

শনিবাৰে দক্ষিণ কাশ্মীৰৰ নাগবেৰান তৰেছান গাঁৱত নিৰাপত্তা বাহিনীৰ হোৱা সংঘৰ্ষত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী জন নিহত হয়।

আৰক্ষীৰ সূত্ৰে জনোৱা মতে, এই সংঘৰ্ষত আন এজন সন্ত্ৰাসবাদীও নিহত হৈছে।

আৰক্ষীয়ে জানিব দিয়া মতে, তেওঁ ২০১৭ চনৰ পৰাই পুলৱামা এলেকাত সন্তৰাসবাদী কাৰ্যকলাপ চলাই আহিছিল।

তেওঁ সংগঠনৰ ৰৌফ আজহাৰ, মৌলানা মাছুদ আৰু আম্মাৰৰ সহযোগী আছিল।

আৰক্ষীৰ মতে নিহত হোৱা ছৈফুল্লা এজন বোমা বিশেষজ্ঞ আছিল।

Leave a Comment