ৰাষ্ট্ৰীয়

ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰ…

ধৰ্ষণৰ অভিযোগত মধ্যপ্ৰদেশ কংগ্ৰেছৰ এজন বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ।

মধ্যপ্ৰদেশৰ ইন্দোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিধায়ক পুত্ৰক।

কংগ্ৰেছী বিধায়ক মুৰুলী মৰৱালৰ পুত্ৰ কৰণ মৰৱাল ধৰ্ষণৰ অপৰাধত অভিযুক্ত হৈ ছয় মাহ ধৰি পলাতক হৈ আছিল।

অৱশেষত কৰণ মৰৱালক উজ্জয়িনীৰ ওচৰৰ মাকচীৰ পৰা গ্ৰেপ্তাৰ কৰা আৰক্ষীয়ে।

এগৰাকী মহিলাই বিধায়ক পুত্ৰ কৰণ মৰ’ৱালে তেওঁক বিয়াৰ প্ৰলোভন দি ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল।

চলিত বৰ্ষৰ এপ্ৰিল মাহতে ধৰ্ষণৰ অভিযোগত এটা গোচৰ দাখিল হৈছিল বিধায়ক পুত্ৰৰ বিৰুদ্ধে।

তেতিয়াৰে পৰা পলাতক হৈ আছিল বিধায়়কৰ পুত্ৰজন। আৰক্ষীয়ে তেওঁক ৬ মাহ ধৰি বিচাৰি আছিল।

ধৰ্ষণৰ অভিযোগত অভিযুক্ত বিধায়ক পুত্ৰজনক গ্ৰেপ্তাৰৰ বাবে ২৫,০০০ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হৈছিল।

কৰণ মৰৱালক ধৰিবলৈ আৰক্ষীয়ে চাৰিটা দল গঠন কৰিছিল৷ প্ৰায় ৩০ জন আৰক্ষী কৰ্মী আৰু এটা অপৰাধ-চোৰাংচোৱাৰ ৪ টাকৈ দলে কৰণৰ অনুসন্ধান চলাইছিল।

অৱশেষত এখন ফাৰ্ম হাউচত লুকাই থকাৰ পৰা কৰণক গ্ৰেপ্তাৰ কৰে মধ্যপ্ৰদেশ অৰক্ষীয়ে।

বৰ্তআৰক্ষীয়ে বৰ্তমান বিধায়ক পুত্ৰজনক গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button