দেশৰ সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ চহৰৰ তালিকাৰ শীৰ্ষত মিজোৰামৰ ৰাজধানী আইজল…

উত্তৰ পূৰ্বাঞ্চলৰ এখন অতি মনোমোহা ৰাজ্য মিজোৰাম।
প্ৰকৃতিৰ অনবদ্য ৰূপ-সৌন্দৰ্যৰে ভৰপূৰ এই সৰু ৰাজ্যখন।
শেহতীয়াভাৱে মিজোৰামে গঢ়িলে এক অনন্য অভিলেখ।
দেশৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বায়ুৰ মানদণ্ডৰ চহৰৰ তালিকাত শীৰ্ষস্থান অধিকাৰ কৰিছে মিজোৰামৰ আইজ চহৰখনে।
১৩২ খন ভাৰতীয় চহৰৰ মাজত চলোৱা এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে চলাইছিল এই সমীক্ষা।
আইজলৰ চহৰখনৰ ২৪ ঘণ্টাত বায়ু মানদণ্ড সূতক ১৩ হিচাপে নথিভুক্ত কৰা হৈছে।
মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই টুইট যোগে এই কথা সদৰী কৰিছে।
এক টুইটযোগে তেওঁ কয়, ‘বায়ু গুণগত মানদণ্ডৰ ১৩ সংখ্যাৰে অসামান্য সূচকৰ সৈতে আইজল হৈছে যোৱা ২৪ ঘণ্টাত সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ সৈতে ৰেকৰ্ড কৰা শীৰ্ষ ভাৰতীয় চহৰ।’
With an outstanding Air Quality Index of 13, Aizawl #Mizoram is the top Indian City recorded with the best air quality over the last 24 hours!@Mizoram_Tourism pic.twitter.com/D9xKGsQ7nG
— Zoramthanga (@ZoramthangaCM) November 15, 2021
এই খবৰে মিজোৰামবাসীক উৎফুল্লিত কৰি তুলিছে।