দেশবাসীক গৌৰৱান্বিত কৰা মীৰা বাঈ চানুৰ জীৱনৰ ওপৰত নিৰ্মাণ হ’ব ছবি…

অলিম্পিকত পদক জিনি দেশবাসীক গৌৰৱান্বিত কৰা মীৰা বাঈ চানুৰ জীৱনৰ ওপৰত নিৰ্মাণ হ’ব ছবি।

চানুৰ জীৱনৰ ওপৰত আধাৰিত এখন মণিপুৰী চলচ্চিত্ৰ শীঘ্ৰেই নিৰ্মাণ কৰা হ’ব।

শনিবাৰে মীৰা বাঈৰ সৈতে ইম্ফলস্থিত চেউতি ফিল্মছ প্ৰডাকচনৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়।

প্ৰখ্যাত নাট্যকাৰ আৰু প্ৰযোজনা প্ৰতিষ্ঠানটোৰ অধ্যক্ষ মানাওবি এম এমে এই কথা সদৰি কৰে।

অধ্যক্ষ গৰাকীয়ে লগতে চানুৰ চৰিত্ৰটো সুন্দৰভাৱে কৰিব পৰাকৈ এগৰাকী অভিনেত্ৰী বিচাৰি থকা বুলি সদৰি কৰে।

অভিনেত্ৰীগৰাকীৰ চানুৰ বয়স, উচ্চতা, শাৰীৰিক গঠনৰ সৈতে মিল থাকিব লাগিব আৰু তাইৰ চেহেৰাৰ সৈতে কিছু সাদৃশ্য থাকিব লাগিব বুলিও জনায়।

চলচ্চিত্ৰখন ইংৰাজী আৰু বিভিন্ন ভাৰতীয় ভাষাত কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

ইফালে ছবিখনৰ কাম তথা শ্বুটিং আৰম্ভ কৰিবলৈ কমেও ছয় মাহ লাগিব বুলি কয় মানাওবিয়ে।

Leave a Comment