অসমীয়ামণিপুৰ

মৰ্মান্তিক! পথৰ ওপৰতে লুটি খাই পৰিল শিলভৰ্তি ট্ৰাক, থিতাতে প্ৰাণহানি ৩ শ্ৰমিকৰ

নিউজ ডেস্কঃ চুবুৰীয়া ৰাজ্য মণিপুৰত বুধবাৰে সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু ঘটে ৩ জনকৈ শ্ৰমিকৰ। দুপৰীয়া প্ৰায় ১ বজাত কামজং জিলাৰ চাচ্চাদ আৰক্ষী থানাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ নামবিশাত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, বুধবাৰে দিনৰ প্ৰায় ১ বজাত নম্বিশাত ৪২-আছাম ৰাইফলছৰ বাবে শিল কঢ়িয়াই নিয়া এমএন ০১-৩৮৬২ নম্বৰৰ এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰাত ট্ৰাকখনত থকা ৩ শ্ৰমিকৰ থিতাতে মৃত্যু ঘটে।

আৰক্ষীয়ে সদৰী কৰা মতে, ট্ৰাকখনৰ ব্ৰেক ফেইল হোৱাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু বাগৰি পৰে। যাৰ ফলত ট্ৰাকখনৰ শিলৰ মাজত আৱদ্ধ মৃত্যু ঘটে শ্ৰমিক কেইজনৰ।

kamjang

আনহাতে এই দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে চালকজন। আহত চালকজনক বৰ্তমান কামজং জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাত নিহত শ্ৰমিক কেইজনক নামবাচীৰ মায়াৰংগাম জাজো (৩২), ডামি হুঙ্গিও (৩৫) আৰু কে য়াৰ্ণগাম (৩৩) বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।