দেশত মুকলি কৰা হ’ল ১২৫ টকীয়া মুদ্ৰা।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে এই বিশেষ মুদ্ৰাটো।
শ্ৰীলা ভক্তিবেদন্ত স্বামী প্ৰভুপদজীৰ ১২৫ সংখ্যক জন্মজয়ন্তী উপলক্ষে মুকলি কৰা হৈছে মুদ্ৰাটো।
১ ছেপ্তেম্বৰত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিয়লি ৪.৩০ বজাত এই মুদ্ৰাটো মুকলি কৰা হয়।
অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডী।
প্ৰভুপদজীৰ জন্মজয়ন্তী উপলক্ষে সমবেত লোককো সম্বোধন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
Paying tributes to Srila Bhaktivedanta Swami Prabhupada Ji. https://t.co/Os4Z23Nv4P
— Narendra Modi (@narendramodi) September 1, 2021









