দেশত আয়ুষ্মান ভাৰত ডিজিটেল মিছন আঁচনিৰ শুভাৰম্ভ, সকলোৱে পাব হেল্থ কাৰ্ড…

দেশত আয়ুষ্মান ভাৰত ডিজিটেল মিছন আঁচনিৰ শুভাৰম্ভ।

প্ৰধানমন্ত্ৰী মোদীয়ে শুভাৰম্ভ কৰিলে দেশত আয়ুষ্মান ভাৰত ডিজিটেল মিছন।

ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছন (NDHM)ৰ আৰম্ভণি কৰে প্ৰধানমন্ত্ৰীয়ে।

পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযানৰ আৰম্ভণি কৰে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা স্বাধীনতা দিৱসৰ দিনা লালকিল্লাত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযানৰ পাইলট প্ৰজেক্টৰ কথা ঘোষণা কৰিছিল।

 বৰ্তমান PM-DHM ছখন কেন্দ্ৰীয় শাসিত ৰাজ্যত প্ৰাৰম্ভিক ভাবে কাৰ্যকৰী কৰা হ’ব।

এই মিছনৰ অধীনত প্ৰত্যেকজন নাগৰিকৰ বাবে এক স্বাস্থ্য আই ডি থাকিব যিয়ে তেওঁলোকৰ স্বাস্থ্য একাউণ্ট হিচাপে কাম কৰিব।

আধাৰ কাৰ্ড বা মোবাইল নম্বৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হ’ আইডি।

ইয়াৰ দ্বাৰা ব্যক্তিগত স্বাস্থ্য ৰেকৰ্ড ম’বাইল এপ্লিকেচনৰ সহায়ত সংযুক্ত কৰিব বা চাব পাৰিব।

যি ডাক্তৰক ডাটা ট্ৰেক কৰাত সহায় কৰিব। ইয়াৰ সহায়ত ডাক্তৰে ৰোগীৰ চেকআপ বা স্ক্ৰীনিঙৰ বিষয়ে জানিব পাৰিব।

প্ৰধানমন্ত্ৰী ডিজিটেল স্বাস্থ্য অভিযান আঁচনিত ইউনিক ডিজিটেল হেল্থ আইডি, হেল্থ কেয়াৰ প্ৰফেশ্যনেল ৰেজিষ্ট্ৰী, হেলথ ফেচিলিটী ৰেজিষ্ট্ৰী আৰু ইলেক্ট্ৰনিক হেল্থ ৰেকৰ্ড অন্তৰ্ভুক্ত থাকিব।

আঁচনিৰ প্ৰধান উদ্দেশ্য হৈছে- ইয়াৰ জৰিয়তে স্বাস্থ্য সেৱাৰ বাবে এক ডিজিটেল বাতাবৰণ নিৰ্মাণ কৰা।

চৰকাৰৰ মতে, হেল্থ কেয়াৰ প্ৰভাইডচত কোনো লোকৰ অভিযোগ প্ৰমাণিত কৰিবলৈ এই হেলথ আইডি গুৰুত্বপূৰ্ণ।

হেলথ আইডি ৰোগী চিনাক্তকৰণ, প্ৰমাণিত কৰা আৰু হেলথ ৰেকৰ্ড ৰাখিবলৈ ব্যৱহাৰ কৰা হ’ব।

Leave a Comment