বন্যাৰ্তৰ দুখৰ সমভাগী! বন্যাৰ্তৰ কাষত বহি একেলগে আহাৰ গ্ৰহণ এগৰাকী উপায়ুক্তৰ

নিউজ ডেস্কঃ ভালকৈ নাচালে আপুনি ধৰিবই নোৱাৰিব যে তেওঁ এখন জিলাৰ মুৰব্বী।

সমগ্ৰ অসমৰ লগতে এতিয়া তেওঁৰ জিলাখনতো বানৰ সংহাৰ।

বহু অঞ্চল প্লাৱিত হৈ আশ্ৰয় শিৱিৰত দিন পাৰ কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ বন্যাৰ্তই। আৰু তাৰ মাজতে জিলাখনৰ বন্যাৰ্তসকলৰ কাষত অহৰহ থিয় দি আছে তেওঁ।

হয়, তেঁৱেই হৈছে মানকাচৰ জিলাৰ উপায়ুক্ত পল্লৱী সৰকাৰ।

18 06 22 Goalpara flood 1
Pix by UB Photos

বাৰিষাৰ বানে বুৰাইছে মানকাচৰকো। এই সময়ত হাজাৰ হাজাৰ বন্যাৰ্তই জিলাখনৰ বিভিন্ন প্ৰান্তৰ আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহণ কৰিছে।

কোনোৱে যদি বিদ্যালয় গৃহত আশ্ৰয় লৈছে, আন কোনোৱে আকৌ আশ্ৰয় লৈছে আন ওখ অঞ্চলত।

p1 5
বন্যাৰ্তৰ দুখৰ সমভাগী! বন্যাৰ্তৰ কাষত বহি একেলগে আহাৰ গ্ৰহণ এগৰাকী উপায়ুক্তৰ 8

এই সময়ত প্ৰতিজন বন্যাৰ্তৰ সমস্যাৰ বুজ লৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে উপায়ুক্ত পল্লৱী সৰকাৰ।

দেওবাৰৰ দিনটোতো আইএএছ বিষয়াগৰাকীয়ে জিলাখনৰ বন্যাৰ্তৰ শিৱিৰত উপস্থিত থাকি তেওঁলোকৰ সৈতে মত বিনিময় কৰে।

photo1655722376
বন্যাৰ্তৰ দুখৰ সমভাগী! বন্যাৰ্তৰ কাষত বহি একেলগে আহাৰ গ্ৰহণ এগৰাকী উপায়ুক্তৰ 9

উপায়ুক্তগৰাকীয়ে বান শিৱিৰত বন্যাৰ্তৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰাৰ লগতে শিৱিৰৰ ৰন্ধন ব্যৱস্থাৰো নিজেই তদাৰক কৰে।

ইফালে এজন সাধাৰণ বন্যাৰ্তৰ দৰে আইএএছ বিষয়াগৰাকীয়ে শিৱিৰত খাদ্য গ্ৰহণ কৰাৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

photo1655722412 1
বন্যাৰ্তৰ দুখৰ সমভাগী! বন্যাৰ্তৰ কাষত বহি একেলগে আহাৰ গ্ৰহণ এগৰাকী উপায়ুক্তৰ 10

বান শিৱিৰত সাহায্য প্ৰদান কৰিবলৈ আহি নিশালৈকে বন্যাৰ্তৰ সৈতে সময় পাৰ কৰা আইএএছ পল্লৱী সৰকাৰৰ এটা ভিডিঅ’ত দেখা পোৱা গৈছে খাদ্য গ্ৰহণ কৰি থকা।

সেই সময়ত তেওঁ কাষতে বহি থকা এটি শিশুৰ কাহীত নিজৰ পৰা এটুকুৰা পাপৰ ভাগি দিয়াৰ হৃদয়স্পৰ্শী দৃশ্যও পৰিলক্ষিত হয়।

photo1655722463
বন্যাৰ্তৰ দুখৰ সমভাগী! বন্যাৰ্তৰ কাষত বহি একেলগে আহাৰ গ্ৰহণ এগৰাকী উপায়ুক্তৰ 11

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কাছাৰৰ উপায়ুক্ত কিৰ্তী জাল্লীয়ে এগৰাকী সাধাৰণ বানাক্ৰান্ত মহিলাৰ দৰেই বান পৰিস্থিতিৰ বুজ ল’বলৈ যোৱাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

সেই সময়ত কাছাৰৰ উপায়ুক্তগৰাকীয়ে সাধাৰণ মহিলাৰ দৰেই বোকা গচকি, নাঁৱত উঠি তেওঁৰ জিলাখনৰ বন্যাৰ্তসকলৰ খবৰ লৈছিল।

লগতে চাওকঃ

অহা ২৩ জুনলৈ সকলাে শিক্ষানুষ্ঠান বন্ধ থাকিব এইখন জিলাত…

G4 11
বন্যাৰ্তৰ দুখৰ সমভাগী! বন্যাৰ্তৰ কাষত বহি একেলগে আহাৰ গ্ৰহণ এগৰাকী উপায়ুক্তৰ 12