নিউজ ডেস্কঃ পতিতালয়ত পেটৰ তাড়নাত কাম কৰা কোনো যৌনকৰ্মীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে। এই গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰিছে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে।
আদালতৰ এক শুনানিকালত উচ্চতম ন্যায়ালয়ৰ সাম্প্ৰতিক ৰায়ৰ উদ্ধৃতি দি মাদ্ৰাছ উচ্চ ন্যায়ালয়ে কয় যে যৌন কৰ্মীসকলৰ গ্ৰেপ্তাৰ বা তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাটো আইনী কাৰ্য নহয়। সেয়েহে যৌনকৰ্মীসকলৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা আৰক্ষীয়ে গ্ৰহণ কৰিব নোৱাৰিব।
উল্লেখ্য যে, মাদ্ৰাছৰ এক পতিতালয়ত আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত উদয় কুমাৰ নামৰ এজন গ্ৰাহকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। পতিতালয়ত যৌন কৰ্মীসকলৰ লগত থকাৰ অভিযোগত ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা সন্দৰ্ভত এই গোচৰ খাৰিজ কৰে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে।
গোচৰটোৰ শুনানি গ্ৰহণ কৰি মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন সতীশ কুমাৰে কয় যে পতিতালয় চলোৱাটো বে-আইনী হ’লেও যৌনকৰ্মীক গ্ৰেপ্তাৰ কৰাটোও কোনো কাৰণতে আইনী হ’ব নোৱাৰে।
প্ৰণিধানযোগ্য যে, মাত্ৰ কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে যৌন কৰ্মীসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব বুলি গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰিছিল।









