fbpx
অসমীয়াঅসম

১১ ঘণ্টা চাইকেল চলাই আৰক্ষীৰ সাক্ষাৎকাৰ দিবলৈ আহিল মৰিগাঁৱৰ খনিনে

নিউজ ডেস্ক। আজি অৰ্থাৎ ২৩ এপ্ৰিলত অসম আৰক্ষীৰ কমাণ্ডো পদৰ অনুষ্ঠিত হৈছে পৰীক্ষা।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসংখ্য চাকৰি প্ৰত্যাশীয়ে অৱতীৰ্ণ হৈছে এই পৰীক্ষাত। তাৰ মাজতে সকলোৰে দৃষ্টি নিৱদ্ধ হৈছে এগৰাকী বিশেষ প্ৰাৰ্থীৰ ওপৰত। তেওঁ হৈছে মৰিগাঁৱৰ খনিন পাটৰ।

আৰ্থিক অভাৱৰ সৈতে যুঁজিও উদ্যম হেৰুৱাই নেপেলোৱা খনিন পাটৰেও দেখিছিল এটা চৰকাৰী চাকৰিৰ সপোন। যাৰ বাবে ১১ ঘণ্টা চাইকেল চলাই যুৱকজনে অসম আৰক্ষীৰ কমাণ্ডো পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ উপস্থিত হয় জামুগুৰিহাটৰ কুসুমটোলা দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত।

photo 2022 04 23 11 15 11

সুদীৰ্ঘ যাত্ৰাত মাত্ৰ একাপ চাহ আৰু এখন ৰুটি খাই লক্ষ্যস্থলীত উপস্থিত হোৱা খনিন পাটৰে শিক্ষালাভৰ সমান্তৰালভাৱে শ্ৰমিক হিচাপে কাম কৰি পৰিয়াল পোহপাল দি আহিছে।

খনিনৰ পিতৃ এগৰাকী পেইণ্টাৰ আছিল যদিও নানান অসুবিধাৰ বাবে আজিকালি কাম কৰিব নোৱাৰাত খনিনেই পৰিয়ালৰ দায়িত্ব মূৰ পাতি ল’বলগীয়া হৈছে।

ধনৰ অভাৱৰ বাবে নিজৰ চাইকেল খনকে সাৰথি কৰি লৈ কুসুমটোলাত উপস্থিত হোৱা খনিনৰ সাহস আৰু উদ্যমে এতিয়া মন ভৰাই তুলিছে সকলোৰে।

photo 2022 04 23 11 15 10

যুৱকজনক প্ৰেৰণা দিয়াৰ উদ্দেশ্যে কুসুমটোলা পিঠাগুৰিদৌল যুৱক সংঘৰ যুৱকসকলে গামোছাৰে আদৰণি জনোৱাৰ লগতে খনিনৰ থকা খোৱাৰো সু-ব্যৱস্থা কৰি দিছে।

যুৱ প্ৰাৰ্থীজনে যাতে নিজৰ লক্ষ্যত সফলতা অৰ্জন কৰিব পাৰে, তাৰ বাবে শুভকামনা আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে অগণন লোকে।

লগতে চাওকঃ

অহা ২ মে’ত আছিল বিয়া! কিন্তু তাৰ পূৰ্বেই পিতৃ-মাতৃ আৰু ২ ভগ্নীৰ সৈতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বৃদ্ধিয়ে

G3 21

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!