অসম

মহানগৰ আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ২ কোটি টকা মূল্যৰ ড্ৰাগছ, দুজনক গ্ৰেপ্তাৰ…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

মহানগৰ আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ২ কোটি টকা মূল্যৰ ড্ৰাগছ।

শুক্ৰবাৰে যোৰাবাট আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে দুই কোটি টকাৰ নিষিদ্ধ ব্ৰাউন চুগাৰ।

লগতে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যোৰাবাট আৰক্ষীয়ে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন হৈছে অভয় আৰু ইমৰাণ।

জানিব পৰা মতে মণিপুৰৰ পৰা যোৰাবাটৰ ১৩ মাইলত বিক্ৰীৰ বাবে আনিছিল নিষিদ্ধ ড্ৰাগছখিনি।

উল্লেখ্য যে, যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে গোপন সূত্ৰৰ পম খেদি অৰ্তকিতে অভিযান চলাই ১৫ টা চাবোনৰ বাকচত বিক্ৰীৰ বাবে কৌশলেৰে লুকুৱাই অনা ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয়।

জব্দকৃত নিষিদ্ধ ড্ৰাগছখিনিৰ বজাৰমূল্য প্ৰায় ২ কোটি আৰু ওজন ২০১ গ্ৰাম হ’ব বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *