
নিউজ ডেস্কঃ দিল্লী বনাম অসমৰ শিক্ষা মডেলক লৈ দেশজুৰি বিতৰ্ক অব্যাহত থকাৰ সময়তে আন এক অভিলেখৰ গৰাকী হ’ল দিল্লীৰ শিক্ষা ব্যৱস্থা।
শেহতীয়াকৈ ঘোষণা হোৱা JEE আৰু NEET পৰীক্ষাত দিল্লীৰ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা ১১৪১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰে সফলতা। শুকুৰবাৰে এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
থ্যাগৰাজ ষ্টেডিয়ামত JEE আৰু NEET পৰীক্ষাত সফলতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ সম্বৰ্ধ্বনাৰ বাবে আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে দিল্লীৰ চৰকাৰী বিদ্যালয়ত প্ৰদান কৰা গুণগত শিক্ষাৰ বাবেই আজি এই অনন্য সফলতা লাভ হৈছে।
अब दिल्ली के सरकारी स्कूलों के हमारे बच्चे सपने भी देखते हैं और उन्हें पूरा भी करते हैं। इस साल सरकारी स्कूलों के 1141 बच्चों ने NEET और JEE की परीक्षा में परचम लहराया है, आज उन सभी बच्चों से मिला, भविष्य में कोई इंजीनियर बनेगा तो कोई डॉक्टर। यही बच्चे भारत को नम्बर-1 बनाएँगे। pic.twitter.com/pV8IDvs9Cz
— Arvind Kejriwal (@ArvindKejriwal) September 16, 2022
ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাই কেজৰিৱালে কয় যে সমগ্ৰ দেশৰ চৰকাৰী বিদ্যালয়ত ১৮ কোটি ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে ইয়াৰে অধিকাংশই দুখীয়া পৰিয়ালৰ পৰা অহা।
তেওঁ কয়, ‘দিল্লীত আমি যিদৰে কৰিছিলো, সেইদৰে এই চৰকাৰী বিদ্যালয়সমূহৰ উন্নতি সাধন কৰিব পাৰি। আমি ছাত্ৰ-ছাত্ৰীসকলক মানসম্পন্ন শিক্ষা প্ৰদান কৰিছিলো আৰু তাৰ বাবেই আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ ১১৪১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে JEE আৰু NEET পৰীক্ষাত সফলতা অৰ্জন কৰিছে।’
NEET और JEE में परचम लहराने वाले दिल्ली के सरकारी स्कूलों के बच्चों से मेरी अपील-
— Arvind Kejriwal (@ArvindKejriwal) September 16, 2022
जो बच्चे डॉक्टर बनेंगे वो ग़रीब मरीज़ों का इलाज फ़्री में करें।
जो इंजीनियर बनेंगे वो 5-10 ग़रीब बच्चों को पढ़ाने में मदद करें।
देश की तरक़्क़ी में अपना योगदान ज़रूर दें 🇮🇳 pic.twitter.com/Nk5jNoTLUV
দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “শিক্ষা দানৰ কথা নহয়, ই অধিকাৰৰ কথা। প্ৰতিজন শিশুক ভাল শিক্ষা প্ৰদান কৰিলে দেশৰ দৰিদ্ৰতা নিৰ্মূল কৰিব পৰা যাব।’
এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে JEE আৰু NEET পৰীক্ষাত শীৰ্ষ ১০০০ ৰ ভিতৰত স্থান লাভ কৰা ২৮ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়।