দিন দুপৰতে কলেজীয়া ছাত্ৰীক হত্যা ‘ব্যর্থ’ প্ৰেমিকৰ

নিউজ ডেস্ক। এক ভয়ংকৰ ঘটনা।

দূৰ সম্পৰ্কীয় ভাতৃৰ চােকা অস্ত্ৰ উপৰ্যুপৰি আক্ৰমণত মৃত্যু কলেজীয়া ছাত্ৰীৰ।

ব্যৰ্থ একপক্ষীয় প্ৰেমৰ বাবেই এই ঘটনা সংঘটিত হােৱাৰ আশংকা প্ৰকাশ কৰিছে বিভিন্নজনে।

এই শিহৰণকাৰী ঘটনাৰ স্থান শিলচৰ চহৰৰ চেংগকুৰি অঞ্চল।

P1 10
দিন দুপৰতে কলেজীয়া ছাত্ৰীক হত্যা ‘ব্যর্থ’ প্ৰেমিকৰ 5

নিশা সিন্হা

দিন দুপৰতে অমৰ সিন্হা নামৰ এজন উন্মত্ত যুৱকে একাদশ শ্ৰেণীৰ নিশা সিন্‌হা (১৮)ক চােকা অস্ত্ৰৰে উপৰ্যুপৰি আঘাত হানি হত্যা কৰে।

জানিব পৰা মতে, নিশাৰ পিতৃ এজন সেনা জোৱান। তেওঁৰ নাম নবকুমাৰ সিনহা।

আক্ৰমণকাৰী অমৰ সিন্হা মণিপুৰৰ জিৰিবামৰ নিবাসী।

শিলচৰৰ চেংকুৰী ভকতপুৰৰ আৰক্ষী মধু সিনহাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল ঘাতক অমৰ সিন্হা। লগতে অমৰ সিন্হা ইণ্ডাষ্ট্রিয়াল বেংকৰ এজন কৰ্মচাৰী বুলিও জানিব পৰা গৈছে।

স্থানীয় ৰাইজে জানিবলৈ দিয়ামতে ঘটনাটো সংঘটিত হয় মংগলবাৰে দিনৰ প্ৰায় ডেৰ বজাত।

সেই সময়ত নিশা সিন্হাই এটি শিশুৰ সৈতে কাষতে থকা খেতিপথাৰলৈ গৈছিল।

P1 6
দিন দুপৰতে কলেজীয়া ছাত্ৰীক হত্যা ‘ব্যর্থ’ প্ৰেমিকৰ 6

ঘাতক অমৰ সিন্হা

উক্ত খেতিপথাৰতে হাতত চোকা অস্ত্ৰ লৈ পূৰ্বতে সাজু হৈ আছিল ঘাতক অমৰ সিন্হা।

যুৱতীগৰাকী উক্ত স্থান পোৱাৰ লগে লগে যুৱকজনে অতর্কিতে চোকা অস্ত্ৰৰে উপর্যুপৰি আক্রমণ চলায়।

এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্রাপ্ত যুৱতীগৰাকীৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

পিচত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে।

ইফালে আক্ৰমণ সংঘটিত কৰিয়েই যুৱকজন উক্ত স্থানৰ পৰা পলায়ন কৰে৷

জানিব পৰামতে আৰক্ষীয়ে বর্তমানলৈকে পলাতক আক্ৰমণকাৰীজনৰ কোনো সন্ধান উলিয়াব পৰা নাই।

লগতে চাওকঃ

কলেজীয়া ছাত্ৰী নিশাৰ হত্যাকাৰী ব্যৰ্থ প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

G2 14
দিন দুপৰতে কলেজীয়া ছাত্ৰীক হত্যা ‘ব্যর্থ’ প্ৰেমিকৰ 7

৬০ৰ দশকতে মাতৃহাৰা হৰিণ পোৱালীক বুকুৰ গাখীৰ খুৱাই লালন-পালন কৰা ৰেণুকা দেৱী কৰৰ বিয়োগ

G2 13
দিন দুপৰতে কলেজীয়া ছাত্ৰীক হত্যা ‘ব্যর্থ’ প্ৰেমিকৰ 8

Leave a Comment