কাজিৰঙাত মাতৃহাৰা এটি হৰিণ পোৱালীক নিজৰ বুকুৰ গাখীৰ খোৱাই প্ৰকৃত মমতাৰ পৰিচয় দিয়া ৰেণুকা দেৱী কৰৰ বিয়োগে মৰ্মাহত কৰিছে বন্যপ্ৰাণী প্ৰেমীসকলক।
পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনত ১নং কহঁৰা নিবাসী সমাজকর্মী প্রয়াত অমূল্য চন্দ্ৰ কৰৰ পত্নী ৰেণুকা দেৱী কৰৰ বুধবাৰে পুৱা ৯০ বছৰ বয়সত দেহাৱসান ঘটে।

বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ৰেণুকা দেৱী কৰে মৃত্যুৰ সময়ত এৰি থৈ যায় ৬ গৰাকী পুত্ৰ, ৩ গৰাকী কন্যা সন্তানৰ লগতে অনেক আত্মীয়-স্বজনক।
উল্লেখ্য যে, ১৯৬০ চনত কাজিৰঙাৰ হাতী মাউত প্রয়াত বাপুতি গগৈয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত হাতী চৰাই থাকোতে মাতৃহাৰা এটা পহু পোৱালী পাই মহিলাগৰাকীৰ পৰিয়ালক গতাই দিছিল। সেই সময়ত এটি সন্তানৰ মাতৃ ৰেণুকা দেৱী কৰে নিজৰ সন্তানৰ লগতে মাতৃহাৰা হৰিণ পোৱালীটোকো সন্তানৰ দৰেই স্তনপান কোৰোৱাই ডাঙৰ-দীঘল কৰিছিল।
‘চৈতী’ নামৰ পহু পোৱালিটোক পৰিয়ালৰ সদস্য হিচাপে পোহ-পাল দি সেই সময়তে বন্য প্ৰেমৰ অক অনন্য নিদৰ্শন দাঙি ধৰিছিল ৰেণুকা দেৱী কৰে।
কেৱল সেই এটা হৰিণ পোৱালীৰ প্ৰতিয়েই নহয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন আন জীৱ-জন্তুৰ প্ৰতিও মহিলাগৰাকীৰ আছিল অগাধ ভালপোৱা।
বন্যপ্ৰেমৰ জৰিয়তে সকলোৰে মাজত পৰিচিত হৈ পৰা ৰেণুকা দেৱী কৰৰ বিয়োগত সেয়ে আজি সমগ্ৰ কঁহৰা অঞ্চলত শোকৰ বন্যা নমা পৰিলক্ষিত হয়। বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় নিৱাসীসকলে সৰবৰহী মহিলাগৰাকীৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰে।
কহঁৰা বাৰোৱাৰী শ্মশান পৰিচালনা সমিতি, কহঁৰা বাৰোৱাৰী দুর্গা পুজা পৰিচালনা সমিতি, কাজিৰঙা বাংগালী উন্নয়ণ সমাজ, কহঁৰা বজাৰ সমিতিকে আদি কৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে ৰেণুকা দেৱী কৰৰ মৃত্যুত শোক পালন কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।









