ত্ৰিপুৰাঅসমীয়া

ত্ৰিপুৰাত মুকলি হ’ল বাঁহৰ ক্ৰিকেট বেট আৰু ষ্টাম্প

নিউজ ডেস্ক। ক্ৰিকেট খেলৰ বাবে অতি প্ৰয়োজনীয় সামগ্ৰীবিধ হৈছে বেট।

সাধাৰণতে বেট কাঠৰহে হয়। কিন্তু এইবাৰ মুকলি কৰা হৈছে বাঁহৰ বেট।

কেৱল বেটেই নহয়, বেটৰ লগতে মুকলি কৰা হৈছে ষ্টাম্প।

খেলৰ এই সামগ্ৰী দুবিধ বাঁহেৰে প্ৰস্তুত কৰা হৈছে ত্ৰিপুৰাত।

থলুৱা উদ্যোগক উৎসাহিত কৰাৰ উদ্দেশ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে বৃহস্পতিবাৰে আগৰতলাত এই বাঁহ আধাৰিত ক্ৰিকেট বেট আৰু ষ্টাম্প মুকলি কৰে।

সেই মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত আছিল নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন’লজী এপ্লিকেচন এণ্ড ৰিচাৰ্ছ (এনএইচআৰটি)ৰ সঞ্চালক প্ৰধান অৰুণ কুমাৰ শৰ্মা।

এই সন্দৰ্ভত টুইটাৰত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয়, “এই ধৰণৰ পদক্ষেপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ বাবে কৰা প্ৰচেষ্টাক অধিক আগুৱাই নিব। এই উদ্ভাৱনে আমাৰ যুৱশক্তিক অনুপ্ৰাণিত কৰিব আৰু ত্ৰিপুৰাৰ প্ৰিয় শিল্পীসকলৰ বাবে জীৱিকাৰ অধিক পথ মুকলি কৰিব।”

উল্লেখ্য যে বাঁহৰ বেট আৰু ষ্টাম্পবোৰ বাঁহৰ আঠাৰ বোৰ্ড প্ৰযুক্তিৰে গঠিত। ই কাঠৰ বিকল্প হিচাপে ব্যৱহৃত হ’ব আৰু ই বহনক্ষম সামগ্ৰী হিচাপে পৰিগণিত হ’ব। এই সামগ্ৰী দুবিধে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *