অসমঅসমীয়া

দুই মূৰ সংলগ্ন থকা যমজ কন্যা সন্তান প্ৰসৱ মহিলাৰ, তীব্ৰ কৌতূহল

নিউজ ডেস্ক। বৰপেটাৰ সৰুক্ষেত্ৰীত তীব্ৰ চাঞ্চল্য!

দুই মূল সংলগ্ন থকা যমজ কন্যা সন্তান প্ৰসৱ মহিলাৰ।

এই ঘটনাই তীব্ৰ কৌতূহলৰ সৃষ্টি কৰিছে সৰুক্ষেত্ৰীৰ পাকাবেতবাৰী পামত।

জানিব পৰা মতে, শিশু দুটি সম্প্ৰতি সুস্থ হৈ আছে।

ঘটনাৰ খবৰ লাভ কৰি স্থানীয় ৰূপচান আলীৰ বাসগৃহলৈ নেৰানেপেৰা সোঁত বৈছে কৌতূহলী জনতাৰ।

পূৰ্বতে কেতিয়াও নেদেখা এনে মূৰ সংলগ্ন যমজ শিশু চাবলৈ হেতাওপৰা লগাইছে অঞ্চলবাসী ৰাইজে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

উল্লেখ্য যে শুকুৰবাৰে প্ৰাকৃতিকভাৱে শিশু দুটি প্ৰসৱ কৰে ৰূপচান আলীৰ পত্নীয়ে।

ইপিনে, দৰিদ্ৰ পৰিয়ালটােৱে শিশু দুটিৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছে। সেয়েহে অসম চৰকাৰৰ লগতে সুহৃদ ৰাইজৰ পৰা সহায়-সহযােগিতা আশা কৰিছে পৰিয়ালটােৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *