ৰাষ্ট্ৰীয়

তীৰ্থযাত্ৰী সকলৰ বাবে সুখবৰঃ ৩ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব অমৰনাথ যাত্ৰা, পাব এইসমূহ সুবিধা…

২০২০ চনত মহামাৰীৰ প্ৰাদুৰ্ভাৱ দেখা দিয়াৰ পিছৰেপৰা তীৰ্থযাত্ৰীৰ বাবে বন্ধ আছিল অমৰনাথ যাত্ৰা।

ক’ভিড পৰিস্থিতি সুচল হোৱাৰ বাবে তিনিবছৰৰ পাছত পুনৰ আৰম্ভ অমৰনাথ যাত্ৰা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ।

৩০ জুনৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা।যাত্ৰীৰ সুবিধাৰ্থে যাত্ৰাৰ সময়ত সকলো শ্ৰেণীৰ পৰিবহণ সেৱা বৃদ্ধিৰ নিৰ্দেশ দিছে মোদী চৰকাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অবলম্বন‌ কৰা হৈছে।

ক’ভিডোত্তৰ পৰিস্থিতিৰ প্ৰতি লক্ষ ৰাখি তীৰ্থযাত্ৰীসকলৰ বাবে ৬,০০০ ফুটৰো অধিক উচ্চতাত যোগান ধৰিব অক্সিজেন চিলিণ্ডাৰ আৰু মেডিকেলৰ সুবিধা।

জৰুৰীকালীন অৱস্থাত এম্বুলেঞ্চ আৰু হেলিকপ্টাৰো মোতায়েন কৰা হ’ব। স্থাপন কৰা হ’ব ম’বাইল টাৱাৰ।

সু-উচ্চ পাহাৰৰ মাজৰ এই যাত্ৰাত স্বাস্থ্যৰ সমস্যা থকাসকলৰ বাবে চৰকাৰে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে।যাতায়াত, থকাৰ ব্যৱস্থা, বিদ্যুত‍, পানী, যোগাযোগ আৰু স্বাস্থ্য সেৱাসহ প্ৰয়োজনীয় সকলো সুবিধাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰাৰ নিৰ্দেশ দিছে মোদীয়ে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে নতুন দিল্লীত বাৰ্ষিক তীৰ্থযাত্ৰাৰ পৰ্যালোচনা কৰাৰ পিছত দুখনকৈ উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে।

Related Articles

Leave a Reply

Back to top button