পুখুৰীত মাছ নহয়, আৰক্ষীৰ অভিযানত উদ্ধাৰ অবৈধ গেছভৰ্তি চিলিণ্ডাৰ…

পুখুৰীত মাছ নহয়, এজন লোকৰ ঘৰৰ পুখুৰীত ওলাল গেছ ভৰ্তি চিলিণ্ডাৰ ।

বৰপেটাৰোডৰ এজন লোকৰ ঘৰৰ পুখুৰীত মাছৰ সলনি উজান উঠিছে গেছভৰ্তি ছিলিণ্ডাৰৰ।

মঙলবাৰে সন্ধিয়া বৰপেটাৰোডৰ খৈৰাবাৰী কমাৰপট্টি গাঁৱৰ এজন লোকৰ ঘৰত তালাচী চলাই বৰপেটাৰোড আৰক্ষীয়ে জব্দ কৰিছে কেইবাটাও গেছভৰ্তি আৰু খালি চিলিণ্ডাৰ ।

প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰে এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা এক অভিযানত কমাৰপট্টি গাঁৱৰ তহেদ আলী নামৰ লোকজনৰ ঘৰৰ পুখুৰীৰ পৰা কেইবাটাও অবৈধ গেছ চিলিণ্ডাৰ জব্দ কৰে।

জব্দ হোৱা গেছ ছিলিণ্ডাৰ কেইটা ইণ্ডেন , ভাৰত গেছ , আৰু উজালা কোম্পানীৰ ছিলিণ্ডাৰ বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে লোকজনে বহু দিনৰ পৰাই অবৈধ গেছ চিলিণ্ডাৰ ব‍্যৱসায়ৰ লগত জড়িত হৈ আছিল।

এই সম্পৰ্কে পূৰ্বতেও আৰক্ষীয়ে অভিযান চলাইছিল যদিও কোনো তথ‍্য লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। অৱশেষত মঙলবাৰে ঘৰৰ পৰা প্ৰায় ১৫০ মিটাৰ আতৰৰ পুখুৰী এটাত লুকুৱাই থোৱা অৱস্থাত অবৈধ চিলিণ্ডাৰ খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এজন লোকক আটক কৰিছে। লগতে জব্দকৃত ছিলিণ্ডাৰ কেইটা থানালৈ লৈ যোৱাৰ ব‍্যৱস্থা কৰে।

উল্লেখ্য যে, দীৰ্ঘদিনে ক’লা বজাৰত অতিৰিক্ত দামত বিক্ৰী কৰি মুনাফা আদায় কৰি আহিছিল লোকজনে।

Leave a Comment