নিউজ ডেস্কঃ প্ৰথম তেওঁৰ পৰিচয় আছিল নাইট ছুপাৰৰ ড্ৰাইভাৰ।
নিজকে ড্ৰাইভাৰ বুলি পৰিচয় দি ভালপোৱা যুৱকজনে দিও বুলিয়েই ভৰি দিয়া নাছিল সাহিত্যৰ জগতখনত।
কৰ্ম ব্যস্ততাৰ ফাঁকে ফাঁকে সময় উলিয়াই নিজৰেই অভিজ্ঞতাৰ কথাবোৰ তেওঁ ফেচবুকত লিখিছিল। পঢ়ুৱৈয়ে ভাল পাইছিল।
আৰু সেয়াই আৰম্ভণি। অসমীয়া সাহিত্যত এক নতুন ইতিহাসৰ সূচনা ৰূপ পাইছিল এখন কিতাপে।
সেয়াই হৈছে- লাইফ অৱ এ ড্ৰাইভাৰ! তেওঁৰ নাম ৰূপম দত্ত।
প্ৰথমে চালক, তাৰ পিছত সাহিত্যিক আৰু এতিয়া ৰাজনীতিত ভৰি দিছে ৰূপম দত্তই।

অৱশ্যে তেওঁৰ এই নতুন যাত্ৰাক বহুতেই আঁকোৱালি ল’ব বিচৰা নাই। বহুতেই বিচৰা নাই যে তেওঁ ৰাজনীতিৰ বোকা খেলত চামিল হওক!
কিন্তু কিয় তেওঁ প্ৰৱেশ কৰিলে ৰাজনীতিত? কিয় বা তেওঁ শাসকীয় বা পৰিচিত দল এটাত যোগ নিদি যোগ দিলে অসমত একপ্ৰকাৰ অস্তিত্বহীন এটা ৰাজনৈতিক দলত?
এনে বহু প্ৰশ্নৰ উত্তৰ নিজেই দিছে ৰূপম দত্তই। কৈছে- মানুহে সততে ঘৃণা কৰা ৰাজনীতিৰ কণ্টকময় বাটত আম আদমী পাৰ্টীৰ দৰে এটা দলৰ চালকৰ আসনত বহাৰ কথা।
দুদিন পূৰ্বে আনুষ্ঠানিকভাৱে আম আদমী পাৰ্টীত যোগদান কৰিছে ৰূপম দত্তই। তেওঁৰ মতে, সুস্থ মগজুৰে বহু বিচাৰ-বিমৰ্ষৰ পিছতহে তেওঁ এই সিদ্ধান্ত লৈছে।

ৰূপম দত্তৰ মতে- ২০১৪ত কেন্দ্ৰত আৰু ২০১৬ত অসমত বিজেপিৰ শাসনলৈ অহাৰ মূল কাৰণ আছিল পৰিৱৰ্তনৰ শ্লোগান। পৰিৱৰ্তনৰ আশ্বাস দি বিজেপিয়ে লাভ কৰিছিল ক্ষমতা।
কিন্তু তেওঁৰ মতে পৰিৱৰ্তন হ’ব পাৰে দুই প্ৰকাৰেৰে। সেয়া ভাল পৰিৱৰ্তন বা বেয়া পৰিৱৰ্তন হ’ব পাৰে। কিন্তু বিজেপিৰ পৰিৱৰ্তন ভাল পৰিৱৰ্তন নহয়।
উন্নয়ন আৰু পৰিৱৰ্তনৰ মাজৰ পাৰ্থক্যখিনি উনুকিয়াই দি ৰূপম দত্তই কয় যে আম আদমী পাৰ্টীয়ে উন্নয়ন বিচাৰে, পৰিৱৰ্তন নহয়।
ৰূপম দত্তই কয়, ‘মই যদি শাসকীয় দলত যোগদান কৰিলোঁহেঁতেন, তেন্তে সেয়া মোৰ বাবে ভাল হ’লহেঁতেন। কিন্তু মই মোৰ ভাল হোৱাটো বিচৰা নাই। বিচাৰিছো কেৱল অসমবাসীৰ ভাল হোৱাটো।’
তেওঁ পুনৰ কয়, ‘আমি কিছুবছৰ পিছত মৰি যাম। কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে মৰাৰ পূৰ্বে যাতে কিবা এটা ভাল কৰি থৈ যাব পাৰো, তাৰ বাবে মই আম আদমী পাৰ্টীত যোগদান কৰিছো।’

ৰাজনীতিৰ পথাৰত তেওঁ খোজ দিছে যেতিয়া আৰু পিছুৱাই নাহে বুলি স্পষ্ট কৰি ৰূপম দত্তই কয় যে তেওঁৰ খোজ সদায় উন্নতিৰ দিশেহে হ’ব।
তেওঁ মৰিলেও, জে’ললৈ গ’লেও অসমখনক এটা পৃথক দিশেৰে লৈ যোৱাৰ বাবে বদ্ধপৰিকৰ বুলি মন্তব্য কৰে ৰূপম দত্তই।
উল্লেখ্য যে, সক্ৰিয় ৰাজনীতিত ভৰি দিয়াৰ দিনাই ৰূপম দত্তই সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীক আম আদমী পাৰ্টীত যোগদানৰ বাবে আহ্বান জনাইছিল।
সেই বিষয়টোও স্পষ্ট কৰি দি তেওঁ কয় তেওঁ মুখ্যমন্ত্ৰীক সেই আহ্বান ধেমালিতহে জনাইছিল।
ৰাজনীতিৰ বিষয়ে তেওঁৰ মত, ‘মানুহে ৰাজনীতিক বেয়া পোৱাৰ কাৰণ হৈছে বেয়া মানুহক নিৰ্বাচিত কৰি তেওঁলোকৰ পৰা ভাল আশা কৰাটো। আমি ইমানেই ঠগ খাইছো যে ৰাজনীতি আমাৰ দৃষ্টিত লেতেৰা হৈ পৰিছে।’
কিন্তু তেওঁ কেতিয়াও সলনি নহয়, আৰু সদায় অসম আৰু দেশৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি প্ৰতিজ্ঞা কৰে ৰূপম দত্তই।