
নিউজ ডেস্কঃ চুইমিং পুলত সাঁতোৰ শিকি থকাৰ সময়তে শুকুৰবাৰে এটি ৯ বছৰীয়া শিশু ডুব গৈ সলিল সমাধি ঘটাৰ ঘটনাই সকলোকে শোকস্তব্ধ কৰি তুলিছে।
এই শোকাবহ ঘটনাটো সংঘটিত হৈছে পশ্চিমবঙ্গৰ হাওৰাৰ ‘স্বামীজী সংঘ’ নামৰ এটা ক্লাবৰ চুইমিং পুলত।
বিদিপ্ত ঘোষ নামৰ শিশুটোৱে অন্য দিনাৰ দৰে সেইদিনাও সাঁতুৰিবলৈ শিকি থাঁকোতেই সংঘটিত হয় শোকাবহ ঘটনাটো।
আৰক্ষীৰ সূত্ৰ অনুসৰি, চুইমিং পুলত সাঁতুৰিবলৈ শিকি থকাৰ সময়তে শিশুটোক হঠাতে ওপঙি যোৱা দেখা পোৱা যায়।
এই কথাত দুৰ্ঘটনাৰ উমান পাই প্ৰশিক্ষক সকলে শিশু টোক পাৰলৈ আনি পেটৰ পৰা যথেষ্ট পানী বাহিৰ কৰে আৰু তৎক্ষণাত হাওৰা জিলা চিকিৎসালয়লৈ লৈ যায়। কিন্তু হাস্পতালতে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে শিশুটিয়ে।

ইফালে শিশুটিৰ অকাল মৃত্যুত কাতৰ হৈ পৰিছে তেওঁৰ মাতৃ আৰু পৰিয়াল বৰ্গ।
শিশুটোৰ মাতৃয়ে জানিবলৈ দিয়া মতে, শিশুটোৱে সেইদিনা সাঁতুৰিবলৈ যাবলৈ ইচ্ছা কৰা নাছিল। কিন্তু জোৰ কৰি শিশুটিক সাতোৰ প্ৰশিক্ষণৰ বাবে লৈ যোৱা হৈছিল।
ইফালে সূত্ৰ অনুসৰি, বিদিপ্ত যোৱা তিনি মাহ ধৰি ক্লাবত সাঁতোৰ শিকি আছিল আৰু আনকি সাঁতুৰিবও জানিছিল। কিন্তু তৎসত্বেও শিশুটিৰ সলিল সমাধি কেনেদৰে ঘটিবলৈ পালে তাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে।
চেটাৰ্জীহাট আৰক্ষী থানাৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।