শোকাৱহ! কলৰ ভূৰৰ পৰা পৰি সলিল সমাধি ঘটিত এজন যুৱকৰ…

এক শোকাৱহ ঘটনা।

কলৰ ভূৰৰ পৰা পৰি সলিল সমাধি ঘটিত এজন যুৱকৰ

চাবুৱাৰ থানাই চাহ বাগিছা বৰ লাইনৰ সমীপৰ পথাৰত কলৰ ভূঁৰ চলায় থকা অৱস্থাত পানীত ডুবি এজন যুৱকৰ সলিল সমাধি ঘটে।

পথাৰত কলৰ ভূঁৰ চলায় থকা অৱস্থাত পানীত ডুবি অকাল মৃত্যু হয় কমল শ্বেৰে নামৰ এজন যুৱকৰ।

শুকুৰবাৰে ৰৌমৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত থানাই চাহ বাগিছা বৰ লাইনৰ কমল শ্বেৰেৰ অকাল মৃত্যুক বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰে।

প্ৰাপ্ত খবৰমতে শুকুৰবাৰে দিনৰ ভাগত কমল শ্বেৰে থানাই বৰলাইনৰ সমীপৰ পথাৰত কলৰ ভূঁৰ চলোৱা অৱস্থাত এটা পুখুৰীত পৰি অকাল মৃত্যুক সাবটি লয়।

ঘটনাস্থলীত ৰৌমৰীয়া থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।