জামিনৰ বাবে আবেদনকাৰীক ২ হাজাৰ মহিলাৰ কাপোৰ ধোৱাৰ চৰ্ত আদালতৰ, কিন্তু কিয়?

নিউজ ডেস্ক। অপৰাধীক আদালতে সদায় শাস্তি দিয়ে আৰু নিৰ্দোষী জনক ন্যায় প্ৰদান কৰে। কিন্তু এইবাৰ আহিছে আদালতৰ এক আচৰিত ধৰণৰ ৰায়। যিটো শুনিলে আপুনিও আচৰিত হ’ব।

জানিব পৰা মতে, বিহাৰৰ এখন স্থানীয় আদালতে এজন ব্যক্তিক জামিন প্ৰদান কৰে। যাৰ বিৰুদ্ধে আছিল মহিলাক এক ধৰ্ষণৰ চেষ্টাৰ অভিযোগ।

জামিন দি আদালতে তেওঁক প্ৰদান কৰা শাস্তি হৈছে ছয় মাহৰ সময়ৰ ভিতৰত তেওঁ ২০০০ মহিলাৰ কাপোৰ ধুব লাগিব।

এই ঘটনাটো বিহাৰৰ মধুবনী জিলাত সংঘটিত হয়। য’ত জাঞ্জাৰপুৰৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ অবিনাশ কুমাৰে অভিযুক্ত লালন কুমাৰৰ ওপৰত এই অদ্ভুত চৰ্ত আৰোপ কৰে।

অভিযুক্ত লালন কুমাৰ লাউকাহা আৰক্ষী থানাৰ অন্তৰ্গত গাঁৱৰ বাসিন্দা।

লালন কুমাৰৰ অধিবক্তা পৰশুৰাম মিশ্ৰাই কয়, “লালনে ১৭ এপ্ৰিলৰ নিশা তেওঁৰ গাঁৱৰ এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ চেষ্টা কৰিছিল। ভুক্তভোগীজনে ঘটনাৰ এদিনৰ পিছতেই অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। সেই অনুসৰি তেওঁক ১৯ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰ পৰা তেওঁ কাৰাগাৰত আছিল।”

অধিবক্তাজনে লগতে কয়, “আমি আদালতত জামিনৰ আবেদন দাখিল কৰিছিলো। গোচৰটোৰ শুনানিৰ সময়ত ন্যায়াধীশে কাৰাগাৰত তেওঁৰ ভাল আচৰণ আৰু আদালতত ক্ষমা প্ৰাৰ্থনাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ গাওঁখনৰ ২০০০ মহিলাৰ কাপোৰ ধোৱাৰ চৰ্তত মোৰ মক্কেলক জামিন দিয়ে।”

মধুবনী আদালতে গাঁৱৰ মুৰব্বী নাছিমা খাতুনলৈ আদালতৰ এক আদেশ প্ৰেৰণ কৰিছে। য’ত তেওঁক আদালতৰ দ্বাৰা অভিযুক্ত লোকজনৰ আচৰণ আৰু কামৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

এই সন্দৰ্ভত নাছিমা খাতুনে কয়, “এইটো আদালতৰ দ্বাৰা দিয়া এটা ডাঙৰ সিদ্ধান্ত আছিল। ই মহিলাসকলক সন্মান কৰিবলৈ এক বাৰ্তা প্ৰদান কৰিব আৰু লগতে মহিলা বিৰোধী প্ৰকৃতিৰ পুৰুষৰ মনত অপৰাধ সৃষ্টি কৰিব। ডিটাৰ্জেণ্ট পাউডাৰ, ইস্ত্ৰি আৰু চাবোনেৰে কাপোৰ ধোৱাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে লালন দায়বদ্ধ হ’ব।”

গাঁৱৰ মুৰব্বী গৰাকীয়ে লগতে কয়, “আদালতৰ আদেশ কাৰ্যকৰী কৰাৰ বাবে অভিযুক্তজনৰ দৈনন্দিন কাম মই ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিম। আমাৰ গাওঁখনত ৪২৫ গৰাকী মহিলা আছে আৰু প্ৰতিগৰাকী মহিলাই কাপোৰ ধুবলৈ দিয়াৰ পিছত যেতিয়া ২০০০ সংখ্যা হ’ব তেতিয়াই মই প্ৰতিবেদন দিম। ২০০০ সংখ্যা নোহোৱালৈকে তেওঁ ঘূৰ্ণন প্ৰক্ৰিয়াত কাপোৰ ধুব লাগিব।”

উল্লেখ্য যে আদালতৰ নিৰ্দেশ অনুসৰি, খাতুনে অভিযুক্তৰ বাবে আৱণ্টিত সেৱাৰ প্ৰতিবেদন আদালতত দাখিল কৰিব লাগিব। যিটো কাম অভিযুক্তই ছয় মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। পৰৱৰ্তী সময়ত অভিযুক্তই আদালতত সেই তথ্য দাখিল কৰিবলৈ গাঁৱৰ মুৰব্বী আৰু স্থানীয় আৰক্ষী থানাৰ পৰা প্ৰমাণপত্ৰ গ্ৰহণ কৰিব লাগিব।

Leave a Comment