জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ দ্বাৰা গ্ৰেণেড বিস্ফোৰণ।
মঙলবাৰে জম্মু আৰু কাশ্মীৰৰ বান্দিপুৰ জিলাৰ চুম্বলৰ চুমো টেক্সি ষ্টেন্ডত সংঘটিত হয় এই ঘটনা।
গ্ৰেনেড বিস্ফোৰণত প্ৰায় ৬ গৰাকীকৈ লোক আহত হয়। ইয়াৰ ভিতৰত এগৰাকী মহিলা।
আহত ছয় গৰাকীৰ ভিতৰত ২জনকৈ লোকক চিকিৎসাৰ বাবে শ্ৰীনগৰৰ হস্পাতাললৈ প্ৰেৰণ কৰা হয়।
আৰক্ষীয়ে সদৰি কৰা অনুসৰি, আৰ্মিৰ কনভয় এখনক লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত কৰা হৈছিল। কিন্তু আৰ্মীৰ কনভয় যোৱাৰ পূৰ্বেই এই বিস্ফোৰণ সংঘটিত হয়।
আহত ব্যক্তি সকল ক্ৰমে মহম্মদ আলটাফ, ফৈইজল ফায়েজ, মুস্তাক আহমেদ,হামিদ আৰু ফৈয়াজ বুলি জানিব পৰা গৈছে।