fbpx
ৰাষ্ট্ৰীয়অসমীয়া

জম্মু-কাশ্মীৰত সংঘৰ্ষত জৈছ-এ-মহম্মদৰ ২ কেডাৰ নিহত, শ্বহীদ CISFৰ সহকাৰী উপ পৰিদৰ্শক

নিউজ ডেস্ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পূৰ্বে উত্তপ্ত হৈ পৰিছে জম্মু-কাশ্মীৰ।

শুকুৰবাৰে পুৱা জম্মুৰ চুঞ্জৱান এলেকাত নিৰাপত্তাৰক্ষীয়ে চলোৱা অভিযানত দুজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদী দুজন জৈছ-এ-মহম্মদৰ সদস্য আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইফালে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানকালত চিআইএছএফৰ এগৰাকী সহকাৰী উপ পৰিদৰ্শক শ্বহীদ হোৱাৰ লগতে আন ৬ গৰাকী জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে।

নিহত চিআইএছএফৰ বিষয়াগৰাকীৰ পৰিচয় এছপি পেটেল বুলি জানিব পৰা গৈছে।

আহতসকলক হেড কনিষ্টবল বলৰাজ সিং, এছপিঅ’ চাহিল শৰ্মা, হেড কনিষ্টবল প্ৰমোদ পাত্ৰ, কনিষ্টবল আমিৰ চোৰান, কনিষ্টবল বিট্টাল আৰু হেড কনিষ্টবল এছ কে বালিয়ান বুলি চিনাক্ত কৰা হৈছে।

আহত জোৱানসকলক জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

চোৰাংচোৱা তথ্যৰ ওপৰত ভিত্তি কৰি জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোট আৰু অৰ্ধসামৰিক বাহিনীয়ে শুকুৰবাৰে পুৱতি নিশা চুঞ্জৱান সামৰিক কেন্দ্ৰৰ ওচৰৰ জালালাবাদ অঞ্চলত তালাচী অভিযান আৰম্ভ কৰে।

পুৱা প্ৰায় ৩.৪৫ বজাত চলোৱা এই অভিযানৰ সময়ত এটা ঘৰত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ এটা দলে অভিযানকাৰী দলৰ ওপৰত গুলীবৰ্ষণ কৰে। যাৰ প্ৰত্যুত্তৰত সেনা আৰু আৰক্ষীয়েও গুলীবৰ্ষণ কৰাত দুজন সন্ত্ৰাসবাদী নিহত হয়।

আনহাতে জম্মুৰ চাধা শিবিৰৰ ওচৰত পুৱা প্ৰায় ৪.১৫ বজাত সন্ত্ৰাসবাদীয়ে ১৫ জন চিআইএছএফ জোৱানক কঢ়িয়াই নিয়া এখন বাছত গুলীচালনা কৰে।

ইয়াৰ প্ৰত্যুত্তৰত জোৱানেও গুলীবৰ্ষণ কৰাত সন্ত্ৰাসবাদীৰ দলটো পলায়ন কৰে। কিন্তু তাৰ পূৰ্বে সংঘটিত গুলীচালনাত এএছআই এছপি পেটেল নিহত হয়।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বাৰামুলা জিলাত বৃহস্পতিবাৰে আৰম্ভ হোৱা নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডাৰ ইউছুফ কান্ট্ৰুকে ধৰি চাৰিজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰণিধানযোগ্য যে, জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ পিছত প্ৰথমবাৰৰ বাবে চাম্বা জিলা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

দেওবাৰৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে জম্মু-কাশ্মীৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। আনহাতে সন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰতিৰোধৰ বাবে ঠায়ে ঠায়ে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!