জন্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষঃ শ্বহীদ ৫ গৰাকীকৈ ভাৰতীয় সেনা জোৱান…

জন্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ।

সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ ৫ গৰাকীকৈ ভাৰতীয় সেনা জোৱান।

ভাৰতীয় সেনাৰ এগৰাকী JCO ৰ লগতে ৪জন জোৱান শ্বহীদ হৈছে।

জন্মু-কাশ্মীৰৰ পুঞ্জ জিলাৰ ডেৰাত সংঘটিত হৈছে এই সংঘৰ্ষৰ ঘটনা।

সীমা অতিক্ৰম কৰি পুঞ্জত প্ৰৱেশ কৰিছিল ৪ সন্ত্ৰাসবাদী।

মোগল ৰোডৰ সমীপৱৰ্তী ডেৰাৰ এক গলি অঞ্চলত নিৰাপত্তাৰক্ষীয়ে ঘেৰি লৈছিল সন্ত্ৰাসবাদী কেইটাক।

তাৰ পাছতে দুয়ো পক্ষৰ মাজত হৈছিল প্ৰচণ্ড গুলীয়াগুলি।

সন্ত্ৰাসবাদীৰ গুলীত গুৰুত্বৰভাৱে আহত হৈছিল বিষয়াৰ সৈতে ৫ সেনা জোৱান।

কিন্তু চিকিৎসালয়লৈ নিয়াৰ পথত শ্বহীদ হয় আটাইকেইজন জোৱান।

Leave a Comment