
নিউজ ডেস্কঃ ঈশ্বৰৰ ঘৰত চুৰি কৰি কৰায়ত্ত হ’ল চোৰ।
শিৱ মন্দিৰৰ দান পাত্ৰৰ পৰা টকা চুৰি কৰি পলাবলৈ লওতেই ভিডিপিৰ সহযোগত আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় চোৰটোক।
এই চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হৈছে দৰঙৰ খাৰুপেটীয়াত।
জানিব পৰা মতে, খাৰুপেটীয়া নগৰৰ মাজমজিয়াৰ চাৰিআলিস্থিত এটা শিৱ মন্দিৰৰ দান-পাত্ৰৰ পৰা এটা চোৰে চুৰি কৰিছিল নগদ ধন।
কিন্তু চোৰটোৱে পলায়ন কৰিবলৈ লওতেই ভিডিপিৰ পহৰাদাৰী দলে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ভিডিপিৰ সহযোগত খেদি খেদি কৰায়ত্ত কৰে চোৰটোক।
ধৃত চোৰটোৰ নাম খাৰুপেটীয়াৰ শুভম পাল বুলি জানিব পৰা গৈছে।