নিউজ ডেস্কঃ গুৱাহাটীৰ কৰ্মস্থলীৰ পৰা ঘৰলৈ যাবলৈ ছুটি লৈ এসপ্তাহ ধৰি সন্ধানহীন হৈ আছে এজন যুৱক।
দক্ষিণ কামৰুপৰ মৰিচাকান্দিৰ নিৱাসী যুৱকজনৰ সন্ধানহীনতাই নিদ্ৰা হৰণ কৰিছে পৰিয়ালৰ।
চৌদিশে বিচাৰ খোচাৰ কৰিও যুৱকজনৰ কোনো সন্ধান লাভ নকৰাত হাহাকাৰ কৰিছে পৰিয়ালটোৱে।
জানিব পৰা মতে, মৰিচাকান্দিৰ নিৱাসী সুৰুজ আলীৰ পুত্ৰ আজমল আলী গুৱাহাটীত কৰ্মৰত আছিল।
এসপ্তাহ পূৰ্বে যুৱকজনে ঘৰলৈ যাম বুলি কৰ্মস্থলীৰ পৰা ছুটি লৈছিল।
কিন্তু তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে আজমল আলী।
পৰিয়ালৰ লোকে ইতিমধ্যে যুৱকজনৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে বাইহাটা আৰক্ষী থানাত।









