ভাল খবৰ! বিশ্ব দৰবাৰত মেধাৰে উজ্বলিল অসম কন্যা হিমাশ্ৰী বৰুৱা…

নিউজ ডেস্কঃ মেধাৰ বলত বিশ্ব দৰবাৰত উজ্বলি উঠিল অসমৰ এগৰাকী জীয়াৰী।

ইংলেণ্ডৰ য়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা আভিযান্ত্ৰিক ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰী লাভ অসম কন্যা হিমাশ্ৰী বৰুৱাৰ।

হিমাশ্ৰীয়ে আভিযান্ত্ৰিক ব্যৱস্থাপনাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

উল্লেখ্য যে, বিশ্ব দৰবাৰত মেধাৰে কৃতিত্ব অৰ্জন কৰা হিমাশ্ৰী বৰুৱাৰ ঘৰ ধেমাজিৰ গোগামুখত।

গোগামুখৰ ১নং লঠিয়া গাঁৱৰ সৰ্বেশ্বৰ চুতীয়া আৰু বিজেপিৰ গোগামুখ মণ্ডলৰ মহিলা মৰ্চাৰ প্ৰাক্তন সম্পাদিকা সপোন ভূঞা চুতীয়াৰ কন্যা হিমাশ্ৰীৰ এই কৃতিত্বই গৌৰৱাম্বিত কৰিছে ধেমাজিবাসীক।