
নিউজ ডেস্কঃ পেহীয়েকৰ সৈতে ষ্টেট বেংকৰ শাখালৈ আহিছিল কণমানি ৰিম্পী দাস। পেহীয়েকৰ লগত আছিল এগৰাকী মহিলাও।
বেংকৰ কাম সম্পূৰ্ণ কৰি এখন হোটেলত চাহ খাবলৈ সোমাইছিল শিশুটি, পেহীয়েক আৰু পেহীয়েকৰ চিনাকি মহিলাগৰাকী। কিন্তু তাতেই পেহীয়েকক বহুৱাই থৈ শিশুটিক লৈ উধাও হয় মহিলাগৰাকী।
এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে ৰঙিয়াৰ হাইৱে চ’কত। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। শিশুটিৰ সন্ধান বিচাৰি হাহাকাৰ লাগে পৰিয়ালৰ মাজতো।

আৰক্ষীয়েও শিশুটিৰ সন্ধানত অভিযান চলাই অৱশেষত জিপিএছ লোকেশ্যন ট্ৰেছ কৰি হাউলীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় অপহৃত কন্যা শিশুটিক।
আৰক্ষীয়ে ইতিমধ্যে অপহৰণকাৰী মহিলাগৰাকীকো গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে, ৰঙিয়াৰ কানিকুছিৰ ধীৰেণ দাস আৰু ভাৰতী দাসৰ কনিষ্ঠ কন্যা ৰিম্পী দাসক লগত লৈ ৰঙিয়াৰ ষ্টেট বেংকলৈ আহিছিল নিজৰ পেহীয়েক।
সেই সময়ত তেওঁলোকৰ লগত আহিছিল পেহীয়েকৰ চিনাকি মামনি নামৰ আন এগৰাকী মহিলাও।

ৰঙিয়াৰ হাইৱে চ’কৰ এখন হোটেলত ৯ বছৰীয়া ৰিম্পীৰ পেহীয়েকক বহিবলৈ দি শিশুটিক লৈ অন্তৰ্ধান হয় মামণি নামৰ ৰহস্যময়ী মহিলাগৰাকী।
ইয়াৰ পিছতে ৰিম্পীক বিচাৰি হাহাকাৰ লাগে পেহীয়েকৰ।

কিছু দেৰি পিছত তেওঁ ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীক অৱগত কৰে। আনহাতে কন্যা শিশুটি নিৰুদ্দেশ হোৱাৰ খবৰ লাভ কৰিয়েই কান্দোনত ভাগি পৰে পিতৃ ধীৰেণ দাস আৰু মাতৃ ভাৰতী দাসো।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই অৱশেষত হাউলীৰ পৰা অপহৰণকাৰী মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লগতে সুকলমে উদ্ধাৰ কৰা হয় অপহৃত ৰিম্পীকো।
ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ ৰঙিয়াত।
লগতে চাওকঃ
